গীতৰ তালে তালে তবলা বাদন বিধায়ক ৰূপক শৰ্মাৰ। ডেৰ শতাধিক শিল্পী,কলাকুশলীক সাহায্য প্ৰদান।

ক’ৰোনাৰ বাবে ৰাজ্যত জনসাধাৰণৰ পানীত হাঁহ নচৰ অৱস্থা হৈছে। সাধাৰণ জনসাধাৰণ, খাটি খোৱা লোকৰ লগতে একাংশ শিল্পী, কলা কুশলীৰ জীৱনলৈ নামি আহিছে ঘোৰ আমানিশা। দেওবাৰে নগাঁৱত সাংস্কৃতিক গোষ্ঠী সৃষ্টিৰ উদ্যোগত শিল্পী, কলা কৌশলীৰ লগত জড়িত থকা প্ৰায় ডেৰ শতাধিক লোকৰ মাজত প্রয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মায়ে। শিল্পী, কলা কুশলী সকলৰ পৰিয়ালক সামান্য সকাহ দিয়াৰ বাবে সৃষ্টিৰ এই পদক্ষেপক শলাগ ললে বিধায়ক শৰ্মায়ে। খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে গীত পৰিবেশন কৰে। গীতৰ তালে তালে বিধায়ক ৰূপক শৰ্মায়ে ৩০ বছৰৰ অন্তত তবলা বাদন কৰে।

Related Articles