Breaking

‘বিহু’ক বিহাৰৰ উৎসৱ বুলি কৈ বিতৰ্কত সোমাই পৰাৰ পিছতেই ক্ষমা খুজিলে হেমা মালিনীয়ে

0 102

অৱশেষত ভুল মানি ক্ষমা খুজিলে অভিনেত্ৰী হেমা মালিনীয়ে।

হেমা মালিনীয়ে সামাজিক মাধ্যমৰ যোগেদি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি বিতৰ্কত সোমাই পৰিছিল৷

বৃহস্পতিবাৰে ৩ ৰাজ্যৰ উৎসৱৰ প্ৰাকক্ষণত টুইটাৰ যোগেদি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছিল হেমা মালিনীয়ে৷

বিহুৰ ওলগ জনাবলৈ গৈ পাহৰি গৈছিল বিহু কাৰ জাতীয় উৎসৱ৷ বিহুক বিহাৰৰ বুলি কৈছিল অভিনেত্ৰী গৰাকীয়ে।

ইয়াৰ পাছতেই তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল অভিনেত্ৰী গৰাকী।

সেয়ে আজি এক টুইটযোগে ক্ষমা খোজে অভিনেত্ৰী গৰাকীয়ে। তেওঁ কয় যে, ”ভুল হৈ গ’ল! বিহুক মই বিহাৰৰ উৎসৱ বুলি কৈছিলো। আচলতে বিহু অসমৰহে জাতীয় উৎসৱ”।

এগৰাকী ৰাজনৈতিক নেত্ৰী তথা অভিনেত্ৰীৰ এনে কাণ্ডই অসমবাসীক বাৰুকৈয়ে ব্যথিত কৰিছিল।

Leave A Reply