Hemanta Deka: দেওমৰনৈ টেঙাবাৰী জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য হেমন্ত ডেকাৰ দেহাৱসান

দৰং জিলা পৰিষদৰ দেওমৰনৈ Hemanta Dekaটেঙাবাৰী জিলা পৰিষদ সমষ্টিৰ নৱনিৰ্বাচিত সদস্য হেমন্ত ডেকাৰ দেহাৱসান। যোৱা ১০ আগষ্টৰ নিশা হঠাৎ অসুস্থ হৈ পৰাত ডেকাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰিছিল।


বুধবাৰে পুৱা ৭-৪৫ বজাত GMCH ত মৃত্যু হয় ডেকাৰ।দৰং জিলা পৰিষদৰ দেওমৰনৈ টেঙাবাৰী জিলা পৰিষদ সমষ্টিৰ সদস্য হিচাপে নিৰ্বাচিত হৈ মাত্ৰ কেইদিনমান আগতে শপত গ্ৰহণ কৰিছিল ডেকাই। অসম গণ পৰিষদৰ জিলা পৰ্যায়ৰ নেতৃত্ব দি পিছত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়বাবৰ দায়িত্বত আছিল হেমন্ত ডেকা। প্ৰয়াত ডেকা সৰাবাৰী গাও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৷ ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য, দুনী দিপীলা জিলা পৰিষদৰ প্ৰাক্তন সদস্য আছিল, এইবাৰ দেওমৰনৈ টেঙাবাৰী জিলা পৰিষদৰ পৰা নিৰ্বাচিত হৈ কেইদিন মান পুৰ্বে জিলা পৰিষদৰ সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।


দৰঙৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত হৈ এক সামাজিক জীৱনৰ অংশীদাৰ হৈ আছিল ডেকা। তেখেতৰ মৃত্যুয়ে সমগ্ৰ দৰঙত শোকৰ ছাঁ পৰে।

Related Articles