HEMANTA DUTTA । অসমীয়া সংগীত আৰু নাট্য জগতৰ এগৰাকী পুৰোধা ব্যক্তি তথা বহুমুখী প্ৰতিভাৰ আঁকৰ হেমন্ত দত্তই জীৱন নাট সামৰিলে৷ স্বনাম ধন্য গীতিকাৰ, যশস্বী অভিনেতা, প্ৰখ্যাত নাট্যকাৰ হেমন্ত দত্তই তেওঁৰ সৃষ্টিৰাজিৰে অসমীয়া সংস্কৃতিক চিৰ কালৰ বাবে আলোকিত কৰি থৈ গৈছে যিটো প্ৰজন্মৰ পিছত প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব৷ অতি সৰল নম্ৰ স্বভাৱৰ লোকজনে ৰাজ্যৰ অভিনয়, নাটক গীতৰ ক্ষেত্ৰখনকে ধৰি কলা সংস্কৃতিৰ পথাৰখন উকা কৰি থৈ গ’ল৷

মনৰ গভীৰতা, সৃষ্টিশীলতা আৰু জীৱনৰ প্ৰতিখন সংবেদনশীল সৃষ্টিৰাজিয়ে তেওঁক এক অসাধাৰণ ব্যক্তিত্ব হিচাপে গঢ়ি তুলিছিল৷ অসমৰ বিশেষকৈ দৰঙৰ সেউজীয়া পথাৰ, নৈৰ তীৰৰ শান্ত পৰিবেশ আৰু গাঁৱৰ মানুহৰ সৰল জীৱন যাত্ৰাই তেওঁৰ সৃষ্টিশীল মনত গভীৰ প্ৰভাৱ পেলাইছিল আৰু সেইবোৰ স্মৃতিয়ে তেওঁৰ ৰচনা গীত নাট আদিত জীৱন্ত হৈ উঠিছিল৷ এই সাংস্কৃতিক কৰ্মই তেওঁক নিজৰ প্ৰতিভাক বিকশিত কৰাৰ সুযোগ প্ৰদান কৰিছিল৷ তেওঁৰ নাটকৰ মাধ্যমেৰে অসমীয়া সংস্কৃতিৰ এক গৌৰৱময় পৰিচয় গঢ়ি তুলিছিল৷ তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে অসমৰ সমাজ সংস্কৃতিমূলক অনুষ্ঠান জ্যোতিৰূপাই জীৱনজোৰা সাধনা বঁটাৰে সম্বৰ্ধিত কৰা হৈছিল৷

এইগৰাকী বহুমুখী প্ৰতিভাৰ আঁকৰ হেমন্ত দত্তৰ দেহাবসান নিশ্চিতভাৱে ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰৰ এক অপুৰণীয় ক্ষতি৷ তেওঁৰ মৃত্যুৰ বাতৰিয়ে জ্যোতিৰূপাৰ সমূহ সদস্য সদস্যাক মৰ্মাহত কৰিছে৷ সকলো সদস্য-সদস্যাৰ হৈ জ্যোতিৰূপাৰ সভাপতি প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু সাধাৰণ সম্পাদক নৰেন হাজৰিকাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷

