Hemanta Dutta: হেমন্ত দত্তৰ স্মৃতি সুৰক্ষিত কৰিব চৰকাৰেঃ কেশৱ মহন্ত

প্ৰয়াত নাট্যকাৰ, (Hemanta Dutta) গীতিকাৰ অভিনেতা পৰিচালক হেমন্ত দত্তৰ বাসগৃহত দেওবাৰে ৰাতি দৰঙৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে প্ৰয়াত দত্তৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে।


পৰিয়ালক সমবেদনা জনোৱাৰ পিছতেই সাংবাদিকৰে হোৱা মুখামুখিত হেমন্ত দত্তৰ স্মৃতি চৰকাৰে সুৰক্ষিত কৰিব বুলি আশ্বাস প্ৰদান কৰে।

উল্লেখযোগ্য যে মঙলদৈ ভেবাৰঘাট নিবাসী বিশিষ্ট নাট্যকাৰ নাট পৰিচালক, গীতিকাৰ হেমন্ত দত্ত যোৱা ১১ আগষ্টত পৰলোকপ্ৰাপ্তি হয়। অসমৰ নাট্য জগতত উকা কৰি চিৰ বিদায় লোৱা দত্তই এশৰো অধিক নাটক ৰচনা কৰাৰ লগতে বাৰশৰো অধিক গীত ৰচনা কৰি থৈ গৈছে।

প্ৰয়াত দত্ত অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত সম্ৰাট স্বৰূপ আছিল। পৰবৰ্তী সময়ত হেমন্ত দত্তৰ নামত সংগ্ৰাহলয় বা স্মৃতিসৌধৰ ব্যৱস্থা কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী কেশৱ মহন্তই চৰকাৰে এইক্ষেত্ৰত চিন্তা চৰ্চা কৰিব বুলি মন্তব্য কৰে ।

Related Articles