Hemanta Dutta: নষ্ট ল’ৰাৰ গল্প ,পথ, টাইটানিক, সেন্দূৰ আৰু বহুতো…

অসমৰ স্বনামধন্য নাট্যকাৰ (Hemanta Dutta) পৰিচালক গীতিকাৰ অভিনেতা অসম সৌৰভ বঁটা প্ৰাপক মঙলদৈৰ সন্তান হেমন্ত দত্তৰ মৃত্যু। GMCH ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় দত্ত। ৰবিবাৰে শ্বাস প্ৰস্বাস ৰোগত কষ্ট পোৱাত মঙলদৈৰ পৰা গুৱাহাটী লৈ গৈছিল পৰিয়ালে।

হেমন্ত দত্ত এগৰাকী অসমীয়া নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক। ১৯৪১ চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰা দত্তই এশৰো অধিক নাট আৰু পাঁচশৰো অধিক গীত ৰচনা কৰিছে।অসংখ্য নাট পৰিচালনা কৰাৰ উপৰি তেওঁ উপপথ (১৯৮০) নামৰ চলচ্চিত্ৰ এখনো পৰিচালনা কৰিছিল।

প্ৰয়াত হেমন্ত দত্তই লাভ কৰা সন্মান
ভবেন বৰুৱা বঁটা (২০১৭)
ভবেন্দ্ৰ নাথ শইকীয়া বঁটা (২০১৮-১৯)
মুন লাইট মিডিয়া বঁটা
অসম নাট্য সন্মিলনী বঁটা
অতুল চন্দ্ৰ হাজৰিকা বঁটা
নাট্য সিন্ধু বঁটা
গুৰুজী আদ্য শৰ্মা বঁটা

অসমীয়া ছবিত কৰা অভিনয় মঙলদৈত থাকোঁতে অগ্ৰজসকলৰ নাট্যাভিনয় দেখি তেওঁ অভিনয়ৰ প্ৰতি আকৃষ্ট হয়। মঙলদৈত পঢ়ি থকা কালত অষ্টম শ্ৰেণীত থাকোঁতে তেওঁ ৰচনা কৰা নাট এখনত অভিনয় কৰিবলগীয়া অভিনেতাজনৰ বেমাৰ হোৱাত তেঁৱেই নায়কৰ চৰিত্ৰত অভিনয় কৰিবলগীয়া হয়। ইয়াৰ পিছত তেওঁ শেৱালি, অনিৰ্বাণ, মন-মন্দিৰ, বাৰুদ ইত্যাদি ছবিত অভিনয় কৰে। ভ্ৰাম্যমাণৰ নাটক টাইটানিকত তেওঁ কেপ্টইনৰ চৰিত্ৰতো অভিনয় কৰে।

গীতিকাৰ হিচাপে প্ৰয়াত হেমন্ত দত্ত-

কানৈ মহাবিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ চৈয়দ চাদুল্লা, ৰাজেন গোহাঁই, হীৰেন গোহাঁই, ভবেশ গোস্বামী, প্ৰিন্স আদি বন্ধুবৰ্গৰ সংস্পৰ্শলৈ আহে। এই সময়ছোৱাত তেওঁলোকে ‘কুইভাৰ্ছ বেণ্ড’ নামৰ এক সাংস্কৃতিক গোষ্ঠী গঠন কৰে। তেওঁ লিখা প্ৰথম গীতটি ব্ৰজেন দাসে ডিব্ৰুগড়ৰ ‘ইণ্ডিয়া ক্লাব’ত পৰিবেশন কৰে। ১৯৭৭ চনত নতুন আশা চলচ্চিত্ৰৰ জৰিয়তে তেওঁ পেচাগত ভাবে গীত ৰচনা কৰিবলৈ ধৰে। প্ৰায় পাঁচশতকৈও অধিক গীত ৰচনা কৰা দত্তৰ মই যি বাটেৰে ওলালো আজি, এই আকাশ বৰ বিশাল, তুমি আহিছিলা চেনাই আদি গীত বহুলভাৱে জনপ্ৰিয় হয়। জয়ন্ত হাজৰিকা, জুবিন গাৰ্গ, চাৰু গোহাঁই, মালবিকা বৰা, ৰাজেন গোহাঁই, ডলী ঘোষ, শান্তা উজীৰ, সমৰ হাজৰিকা আদি কণ্ঠশিল্পীয়ে তেওঁ ৰচনা কৰা গীতত কণ্ঠদান কৰিছে। তেওঁ সাদৰী, সোণমইনা, জীৱন সুৰভি, বহাগৰ দুপৰীয়া, শেৱালি, ইমান মৰম কিয় লাগে, এই মৰম তোমাৰ বাবে, হিয়া দিয়া নিয়া, নায়ক আদি চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰে। পিতা-পুত্ৰ ছবিখনত তেওঁ লিখা ১১৬ শাৰীৰ বন্ধ কৰিব হাত, বন্ধ কৰিব মাত গীতটি সকলোতকৈ দীঘল অসমীয়া গীত বুলি কোৱা হয়।

হেমন্ত দত্তৰ উল্লেখযোগ্য নাট-
এটা নষ্ট ল’ৰাৰ গল্প ,পথ,টাইটানিক,সেন্দূৰ,আকাশৰ দৰে মন ,মুক্তি,চক্ৰবেহু,জেতুকা পাতৰ ৰং। হেমন্ত দত্ত মৃত্যুৰ খৱৰ পোৱাৰ লগে লগে ৰাজ্যৰ সাংস্কৃতিক জগতৰ লগতে মঙলদৈত শোকৰ ছাঁ পৰে। প্ৰয়াত দত্তৰ নশ্বৰ দেহত গুৱাহাটীত শুভাকাংশী সকলে শেষ শ্ৰদ্ধাৰ জনোৱাৰ পিছত আজি গধূলি মঙলদৈ ঘৰলৈ অনা হ’ব বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰে।

Related Articles