Breaking

চাহৰ দোকান খুলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে হেমপ্ৰভা বিশ্বাসে…

0 37

কলিয়াবৰত চৰ্চাত হেমপ্ৰভা বিশ্বাস। হেমপ্ৰভাইয়ে চাহৰ দোকান সকলোৰে খুলি দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ সৰুসজাই বিহু নৃত্যৰ বিশ্ব অভিলেখত অংশ লৈছিল।সৰুসজাই বিহু নৃত্যৰ বিশ্ব অভিলেখত অংশ লৈ লাভ কৰা পইচাৰে হেমপ্ৰভাই এখন চাহৰ দোকান খুলিছে। চাওক ফটো…

এই বিশেষ ফটোখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰি লিখিছে, ‘কিছুমান ভাললগা খবৰে মন ভৰাই তোলে৷ শ্ৰীহেমপ্ৰভা বিশ্বাস এগৰাকী স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী৷ কলিয়াবৰৰ হাটবৰৰ হেমপ্রভাই আমাৰ চৰকাৰে বৃহৎ পৰিসৰত সৰুসজাইত আয়োজন কৰা আমাৰ প্ৰাণস্পন্দন বিহুৰ অভিলেখ সৃষ্টিকাৰী বিহুনাচ পৰিৱেশনত অংশ লৈছিল৷ আমাৰ চৰকাৰে অংশগ্ৰহণকাৰীসকলক মাননি হিচাপে কিছু ধন প্ৰদান কৰিছিলোঁ৷ভাল লগা কথা এইটোৱে যে হেমপ্রভাই সেই ধনৰ ব্যৱহাৰ কৰিলে স্বাৱলম্বন হ’বলৈ৷ ছাত্ৰীগৰাকীয়ে এখন ক্ষুদ্ৰ দোকানৰ আৰম্ভণি কৰিলে৷ মাতৃৰ সৈতে মিলি হেমপ্ৰভাই এতিয়া চাহৰ দোকান দি আত্মনিৰ্ভৰ হোৱাৰ স্বপ্ন দেখিছে৷ ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে মই বহু বহু শুভকামনা জ্ঞাপন কৰিলোঁ৷ সমাজত তেওঁ বিভিন্নজনৰ আদৰ্শৰ অনুপ্ৰেৰণা হওক, তাকেই মনে-প্ৰাণে বিচাৰিলোঁ৷’ এইদৰে ফটো খনৰ সৈতে লিখি সামাজিক মাধ্যমত শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave A Reply