Breaking

হেই, বাদ দিয়া হে! এই বুমৰাহ-ভূমৰাই কি কৰিবঃ কোহলী

0 2,056

আৰচিবিৰ জাৰ্ছীৰ পৰা পোনে পোনে IPL বিশেষজ্ঞৰ বাব ভাৰতীয় ক্ৰিকেটাৰ পাৰ্থিৱ পেটেলেলৈ। একপ্ৰকাৰ আসন্ন হৈ পৰিছে পাৰ্থিৱ পেটেলৰ ক্ৰিকেট কেৰিয়াৰ। অৱশ্যে, ক্ৰিকেট ‘পণ্ডিত’ হোৱাৰ পাছত কেইবাটাও চাঞ্চল্যকৰ পুৰণি ঘটনা শ্বেয়াৰ কৰি আলোড়নৰ সৃষ্টি কৰিছে পাৰ্থিৱ পেটেলে। ক্ৰিকবাজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, পাৰ্থিৱে বুমৰাহৰ বিষয়ে কোহলীৰ চাঞ্চল্যকৰ মন্তব্য শ্বেয়াৰ কৰি ক্ৰীড়া এৰিনাত আলোড়নৰ সৃষ্টি কৰিছে। পাৰ্থিৱে কয়, ‘২০১৪ চনত, যেতিয়া মই আৰচিবিৰ হৈ খেলিছিলো তেতিয়া মই কোহলীক এক অজ্ঞাত বুমৰাহৰ বিষয়ে সতৰ্ক কৰি দিছিলো। বুমৰাহৰ ওপৰত চকু ৰাখিবলৈ কৈছিলো। বিৰাটে কৈছিল, ‘হেই, বাদ দিয়া হে! এই বুমৰাহ-ভূমৰাই কি কৰিব।’

পাৰ্থিৱৰ এনে মন্তব্যৰ পাছতে যথেষ্ট আলোচনা হোৱা দেখা গৈছে। বুমৰাহৰ প্ৰসংগত কোহলীৰ ব্যঙ্গাত্মক মন্তব্যত ছ’চিয়েল মিডিয়া যোগে সকলোকে জনাই দিয়াৰ পাছত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু এনে আলোচনাৰ মাজতে পাৰ্থিৱে পুনৰ ইঙ্গিতপূৰ্ণ টুইট কৰিছে। যিটো টুইটে ক্ৰিকেট এৰিনাত কোহলী কেন্দ্ৰীক বিতৰ্কত নতুনকৈ ইন্ধন যোগাব বুলি ধাৰণা কৰি লৈছে ক্ৰীড়া বিশেষজ্ঞসকলে। পাৰ্থিৱে লগতে কয়, ‘নীম পাত আৰু সত্য কথা দুয়োটাই তিতা।’

২০১৩ চনৰ IPL ত মুম্বাইৰ জাৰ্ছীত আত্মপ্ৰকাশ কৰিছিল বুমৰাহে। আৰু বুমৰাহে IPL ত কোহলীৰ আৰচিবিৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিছিল। তেতিায়াই হেনো কোহলীয়ে এইদৰে মন্তব্য কৰিছিল বুমৰাহৰ বিষয়ে। অৱশ্যে, পাৰ্থিৱ পেটেলৰ মন্তব্যক লৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বিৰাট কোহলীয়ে।

Leave A Reply