Breaking

হিয়া দাসলৈ ‘চোতালৰ পখিলা’ যুৱ প্ৰতিভা বঁটা, মানটাছা, হৃষীকেশ, ৰিতেশ আৰু ময়ূৰৰঞ্জনলৈ কিশোৰ প্ৰতিভাৰ আশীৰ্বাদ

0 60

শুৱালকুছিৰ উদীয়মান লেখিকা হিয়া দাসলৈ ‘চোতালৰ পখিলা’ই আগবঢ়াইছে ‘চোতালৰ পখিলা’ বিশেষ যুৱ প্ৰতিভা বঁটা।

অসমীয়া শিশু আলোচনীবোৰৰ লগতে বাতৰি কাকততো শিশু গল্প, উপন্যাস লিখি আছে বিশেষ ভাৱে সক্ষম যুৱ লেখিকাগৰাকীয়ে। তদুপৰি তেওঁ এগৰাকী কবি হিচাপেও পৰিচিত।

ইতিমধ্যে তেওঁৰ দুখন গ্ৰন্থও প্ৰকাশ হৈছে আৰু কেইবাটাও বঁটা লাভ কৰিছে।

আনহাতে, ২০ টি শিশুৰ লগতে ‘বিশেষ কিশোৰ প্ৰতিভাৰ আশীৰ্বাদ ‘ আগবঢ়োৱা হৈছে মানটাছা জাহাংগীৰ, ৰিতেশ শৰ্মা, ময়ূৰৰঞ্জন বৰুৱা আৰু হৃষীকেশ গোস্বামীলৈ।

বঁটাসমূহ অহা ১৫অক্টোবৰত গুৱাহাটী লতাশিলৰ বিষ্ণু-নিৰ্মলা শিশু পুথিভঁৰাল সভাগৃহত অনুস্থিত হ’ব লগীয়া ‘চোতালৰ পখিলা’ৰ বৰ্ষপূৰ্তি আৰু বঁটা-সম্বৰ্ধনা প্ৰদান অনুষ্ঠানত প্ৰদান কৰা হ’ব।

Leave A Reply