Breaking

চিমেন চাপৰিত উচ্চমানৰ কম্পিউটাৰ শিক্ষা কেন্দ্ৰ মুকলি…

0 17

চিমেন চাপৰিত আজি এটা উচ্চমানৰ কম্পিউটাৰ শিক্ষা কেন্দ্ৰ মুকলি কৰা হয়।ই-মেক্স কম্পিউটাৰ এডুকেশ্বন নামৰ কম্পিউটাৰ কেন্দ্ৰটো উদ্ধোধন কৰে সতীশ বসুমতাৰী বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সোণেশ্বৰ বসুমতাৰীয়ে। ভাৰত চৰকাৰৰ এন চি টিৰ স্বীকৃত আৰু ইনষ্টিটিউট অফ্ কম্পিউটাৰ টেকন’লজী এণ্ড ৰিছাৰ্ছৰ অধীনৰ ই মেক্স কম এডুকেশ্বন কেন্দ্ৰৰ উদ্ধোধন কৰি সোণেশ্বৰ বসুমতাৰীয়ে কয় কম্পিউটাৰ মাধ্যমে দৈনন্দিন জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে।আমাৰ কাম-কাজ,যোগাযোগ আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত কম্পিউটাৰে দ্ৰুত আৰু যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।

কম্পিউটাৰে ই-মেইল, তৎক্ষণাত বাৰ্তা প্ৰেৰণ কৰা, সামাজিক মাধ্যম, ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে আনৰ সৈতে যোগাযোগ ৰক্ষা কৰাটো সহজ আৰু দ্ৰুত কৰি তুলিছে।কম্পিউটাৰ দ্বাৰা আমাৰ কামৰ ধৰণক ৰূপান্তৰিত কৰিছে, যাৰফলত কামবোৰ অধিক দক্ষতাৰে সম্পূৰ্ণ কৰা আৰু প্ৰায় যিকোনো ঠাইৰ পৰা কামবোৰ সম্পাদন কৰা সম্ভৱ কৰি তুলিছে।আনহাতে কম্পিউটাৰে আমি শিকাৰ ধৰণত যুগান্তকাৰী পৰিবৰ্তন আনি বিপুল পৰিমাণৰ তথ্য লাভ কৰা আৰু অনলাইন পাঠ্যক্ৰম আৰু শিক্ষামূলক সম্পদৰ সুবিধা প্ৰদান কৰিছে বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। অনুষ্ঠানটোত চমকং হাইস্কুলৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰী, টাদুনীয়া বড়ো প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনয় স্বৰ্গীয়াৰী, শিক্ষক দিপাঙ্কৰ নাৰ্জাৰী, বন বিষয়া ইন্দ্ৰ গগৈ প্ৰমুখ্যে বহুসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে।

আজি উদ্ধোধন কৰা কম্পিউটাৰ কেন্দ্ৰটোত ছমহীয়া পাঠ্যক্ৰমত ডিপ্লমা কম্পিউটাৰ এপ্লিকেশ্বন,এবছৰীয়া পাঠ্যক্ৰমত এডভান্স ডিপ্লমা কম্পিউটাৰ এপ্লিকেশ্বন, প’ষ্ট গ্ৰেজুৱেট ডিপ্লমা কম্পিউটাৰ এপ্লিকেশ্বন,ছমহীয়া পাঠ্যক্ৰমত কম্পিউটাৰ ফাণ্ডাৰমেন্টেল এপ্লিকেশ্বন,তিনিমহীয়া পাঠ্যক্ৰমত ডেক্সটপ পাব্লিচিং,এবছৰীয়া পাঠ্যক্ৰমত বেছিক অডিট,ওঠৰমহীয়া পাঠ্যক্ৰমত এডভান্স ডিপ্লমা কম্পিউটাৰ প্ৰগ্ৰেমিং এণ্ড পাব্লিচিং, এডভান্স ডিপ্লমা ইন ছফ্টৱেৰ ইঞ্জিনীয়াৰিং,অনাৰ ডিপ্লমা কম্পিউটাৰ এপ্লিকেশ্বন, মাষ্টাৰ ডিপ্লমা ছফ্টৱেৰ টেকন’লজী,এডভান্স ডিপ্লমা কম্পিউটাৰ প্ৰগ্ৰেমিং, ডি অ এম এ,এ ডি এফ এ,ডি এচ পি পি,ডি বি পি,এম চি আই টি,পি ডি ডব্লিউ ডি আৰু অৰ্ধশতাধিক পাঠ্যক্ৰম উপলব্ধ হ’ব।কম্পিউটাৰ কেন্দ্ৰটোত ইন্সট্ৰাক্টৰ হিচাপে প্ৰিয়ংকা বৰা,অপৰজ্যোতি বৰুৱা, পলাশ বৰুৱা আৰু ই মেক্স কম্পিউটাৰ এডুকেশ্বনৰ অভিজ্ঞ শিক্ষক সকলে পাঠদান আগবঢ়াব।

Leave A Reply