Breaking

গোগামুখ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক প্ৰথম পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভঃ ছাত্ৰ-ছাত্ৰীক আত্মনিৰ্ভৰশীল কৰিবলৈ বিভিন্ন ব্যৱসায়ৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন…

0 52

ধেমাজি জিলাৰ গোগামুখৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয় গোগামুখ মহাবিদ্যালয়ত সোমবাৰৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পাঠদান কাৰ্যসূচী শুভাৰম্ভ হৈছে৷পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰাৰ উপলক্ষে সোমবাৰে গোগামুখ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোট আৰু মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত মহাবিদ্যালয়খনৰ সভাগৃহত এখনি সভা আয়োজন কৰা হয়৷ উক্ত সভা আদৰণি ভাষণ দি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই নতুনকৈ মহাবিদ্যালয়ত নামভৰ্ত্তি কৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয়- আমি আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ পৰা সকলো নৱাগতক আদৰণি জনাইছোঁ৷

সোমবাৰৰ পৰা নৱাগতসকল আমাৰ পৰিয়ালৰ একো একোজন সদস্য হ’ব৷ আমাৰ পৰিয়ালৰ সদস্য হোৱাৰ লগে লগে আমাৰ মহাবিদ্যালয়ৰ নীতি-নিয়ম মানি চলিব লাগিব৷ ড° ঝাই কয়-সম্প্ৰতি নিচা জাতীয় সামগ্ৰীয়ে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন ধ্বংস কৰিছে৷ সামাজিক মাধ্যমৰ  অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে৷ মহাবিদ্যালয়খনৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে নিচা জাতীয় সামগ্ৰী সেৱন কৰিব নোৱাৰিব৷ মহাবিদ্যালয়খনত অত্যধিক ম’বাইল ব্যৱহাৰ কৰিব নোৱাৰিব৷ইয়াৰ অন্যথা অনুশিসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ আমি ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ উপযোগী  হোৱাকৈ পৰ্যাপ্ত পৰিমাণে সুবিধা দিবলৈ চেষ্টা কৰিম৷ ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়াকৈ মহাবিদ্যালয়ৰ শ্ৰেণী কোঠাত উপস্থিত থকাৰ লগতে পাঠগ্ৰহণত অসুবিধা হ’লে বা নুবুজা  বিষয় থাকিলে শিক্ষকসকলক পোনপটীয়াকৈ সুধিব পাৰিব বুলিও ড° ঝাই ভাষণ প্ৰসংগত উল্লেখ কৰে৷ মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান  কাৰ্যসূচী শুভাৰম্ভৰ লগত সংগতি  মহাবিদ্যালয়খনত আজিৰে পৰা গোগামুখ কলেজ কোপাৰেটিভ ছ’চাইটিৰ অধীনত পৰিচালিত হ’বলগা  ব্যৱসায়ীক কাৰিকৰী কৌশলৰ প্ৰশিক্ষণৰ কেন্দ্ৰটো আজি শুভাৰম্ভ কৰা হয়৷

শুভাৰম্ভ কৰে সভাখনৰ মুখ্য অতিথি তথা গোগামুখ বণিজ সন্হাৰ সভাপতি পদ্মেশ্বৰ পেগুৱে৷  গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাখনত বণিজ সন্হাৰ সভাপতি পদ্মেশ্বৰ পেগুৱে কয়- কেৱল চৰকাাৰী আঁচনি বা চৰকাৰী চাকৰি আশা কৰি ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিব নালাগে৷ বিভিন্ন ব্যৱসায়িক ক্ষেত্ৰ, কৃষিক্ষেটো নিজকে নিয়োজিত কৰিবলৈ প্ৰচেষ্টা চলাব লাগে৷ আজি-কালি নিজৰ শৈক্ষিক জীৱন সমাপ্ত কৰিলেই চৰকাৰী চাকৰি আশা কৰিব নোৱাৰি৷ গতিকে শৈক্ষিক জীৱন চলি থাকোঁতে নিজৰ পাৰদৰ্শিতা অনুযায়ী বিভিন্ন দিশৰ স্বাৱলম্বীৰ কৌশলবোৰ শিকি যাব লাগে আৰু শৈক্ষিক জীৱন সমাপ্ত হোৱাৰ লগে লগে নিজৰ স্বাৱলম্বিতাৰ ৰাস্তাও মুকলি হ’ব৷ ইয়াৰ সমান্তৰালভাৱে চৰকাৰী চাকৰিৰ কাৰণেও নিচিন্ত মনে চেষ্টা কৰি থাকিব পাৰিব বুলি তেওঁ দোহাৰে৷ উল্লেখনী  গোগামুখ মহাবিদ্যালয়ে আজি আৰম্ভ কৰা ব্যৱসায়িক কৌশল কাৰ্যসূচী ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনৰ কৌশল বিকাশ আঁচনিৰ অন্তৰ্গত৷ ইয়াত থাকিব চিলাই মেচিন, বিউটি পাৰ্লৰ, শাক-পাচলিৰ  ক্ৰয়-বিক্ৰয়ৰ প্ৰশিক্ষণ৷ মহাবিদ্যালয়খনৰ দুগৰাকী ছাত্ৰীয়ে চিলাই মেচিন প্ৰশিক্ষণৰ বাবে আনুষ্ঠানিকভাৱে নামভৰ্ত্তি কৰে৷ সভাৰ দুয়োটা কাৰ্যসূচীৰে আঁত ধৰে গোগামুখ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা চয়নিকা হাজৰিকাই৷ সভাত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ উপাধ্যক্ষ  পৰেশ দলে,  মুৰব্বী  অধ্যাপক দিগন্ত কাকতি, ভৰত শইকীয়া, মুখ্যনাথ টাইদ, সহযোগী অধ্যাপক অনিমা শইকীয়া, দিপালী গগৈ আৰু ড° অমৰজ্যোতি দলেয়ে৷

Leave A Reply