উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল বুধবাৰে ঘোষণা কৰা হয়।(Higher Secondary) এইবেলি পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে কেতবোৰ নিয়মো প্ৰৱৰ্তন হল। সেইমৰ্মে প্ৰথমবাৰলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এক নতুন ব্যৱস্থা গ্ৰহণ কৰিছে । এইবাৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দুখন বেলেগ বেলেগ নথি নাথাকিব ।
একেখনেই মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট হ’ব । সামগ্ৰিক ফলাফল সন্দৰ্ভত তেওঁ কয়, “বিগত বৰ্ষৰ তুলনাত উত্তীৰ্ণৰ হাৰ হ্ৰাস পাইছে যদিও ফলাফল সন্তোষজনক। ইফালে দুদিন পিছতে বিশেষ পৰ্টেল মুকলি কৰা হ’ব । য’ত শিক্ষাৰ্থীসকলে নিজৰ অভিযোগ বা আপত্তি উল্লেখ কৰিব পাৰিব । লগতে উত্তৰ বহি পুনৰীক্ষণৰ বাবেও আবেদন কৰিব পাৰিব । য’ত শিক্ষাৰ্থীসকলে নিজৰ অভিযোগ বা আপত্তি উল্লেখ কৰিব পাৰিব। লগতে উত্তৰ বহি পুনৰীক্ষণৰ বাবেও আবেদন কৰিব পাৰিব। উল্লেখ্য বুধবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কলা, বিজ্ঞান, বাণিজ্য আৰু ভোকেচনেল শাখাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ২০২৫ৰ ফলাফল ৱেবছাইটযোগে ঘোষণা কৰিছে ৷