Breaking

আকৌ হিজাব! পৰীক্ষাৰ দিন কেইটাত হিজাব পৰিধানৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কণাৰ্টকৰ ইছলাম ধৰ্মী ছাত্ৰী

0 73

শিক্ষানুষ্ঠানত ছাত্ৰীয়ে হিজাব পিন্ধাৰ বিৰুদ্ধে আদালতে ৰায় দিয়াৰ পিছতো শেহতীয়াকৈ কেৱল পৰীক্ষাৰ দিন কেইটাত হিজাব পৰিধানৰ অনুমতি বিচাৰি এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল কৰ্ণাটকৰ একাংশ ইছলামধৰ্মী ছাত্ৰী। উল্লেখ্য বিগত বৰ্ষত শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰাকলৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল৷ কৰ্ণাটকৰ হিজাব বিতৰ্কক লৈ দেশৰ কেইবাখনো ৰাজ্যত ব্যাপক প্ৰতিবাদ হৈছিল। পুনৰ হিজাব প্ৰসংগই মূৰ দাঙি উঠিছে। ৯ মাৰ্চৰ পৰা কৰ্ণাটকত প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষা আৰম্ভ হ’ব।

এনে পৰিস্থিতিত, মুছলমান শিক্ষাৰ্থীৰ এটা দলে পৰীক্ষাৰ সময়ত শিক্ষানুষ্ঠানত হিজাব পিন্ধাৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে তেওঁলোকক আশ্বাস দিছে যে বিষয়টোৰ সোনকালে শুনানি গ্ৰহণ কৰিবলৈ এখন বিচাৰপীঠ গঠন কৰা হ’ব।

আবেদনকাৰীসকলৰ হৈ উপস্থিত থকা অধিবক্তা শাদান ফাৰাষ্টে শীৰ্ষ আদালতখনক কয় যে যদি বিষয়টোৰ ৯ মাৰ্চৰ আগতে শুনানি গ্ৰহণ কৰা নহয় আৰু শিক্ষাৰ্থীসকলক পৰীক্ষাৰ সময়ত হিজাব পিন্ধিবলৈ অনুমতি দিয়া নহয়, তেন্তে বহু শিক্ষাৰ্থীয়ে মূল্যৱান এবছৰ হেৰুৱাব। অধিবক্তাৰ এনে মন্তব্যৰ পিছতে “কোনে তেওঁলোকক পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা দিছে?” বুলি মুখ্য ন্যায়াধীশে প্ৰশ্ন কৰে৷ ইয়াৰ প্ৰত্যুত্তৰত শাদানে কয়, “শিক্ষাৰ্থীসকলক হিজাব পিন্ধি পৰীক্ষাত বহিবলৈ দিয়া হোৱা নাছিল। ইয়াৰ বিপৰীতে শিক্ষাৰ্থীসকলে হিজাব অবিহনে পৰীক্ষাত বহিব নিবিচাৰে। আমি তেওঁলোকৰ বাবে সাময়িক সকাহ বিচাৰিছো।”

যোৱা বছৰৰ ১৫ মাৰ্চত কৰ্ণাটক উচ্চ ন্যায়ালয়ে শিক্ষানুষ্ঠানসমূহত হিজাব পিন্ধাৰ অধিকাৰৰ বিষয়ত এক ঐতিহাসিক ৰায় প্ৰদান কৰিছিল। আদালতে স্পষ্ট কৰি দিছিল যে ইছলাম ধৰ্মত হিজাব অপৰিহাৰ্য নহয়। আদালতে শিক্ষানুষ্ঠানসমূহত হিজাবৰ বিষয়ত নিষেধাজ্ঞাৰ বিৰুদ্ধে দাখিল কৰা সকলো আবেদন খাৰিজ কৰিছিল। তেতিয়াৰে পৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰা হৈছে। ন্যায়াধীশ হেমন্ত গুপ্তা আৰু সুধাংশু ধুলিয়াৰ বিচাৰপীঠেও গোচৰটোত ‘ভিন্ন মন্তব্য ‘ দিছিল। সেয়ে বিষয়টোকলৈ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।

Leave A Reply