Breaking

অসমৰ হিমাংশু তালুকদাৰক দিল্লী পাঞ্জাৰছ দলৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি

0 82


প্ৰিমিয়াৰ হেণ্ডবল লীগ (পি এইচ এল) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দিল্লী পেঞ্জাৰছ দলৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ হিমাংশু তালুকদাৰক।

উল্লেখ কৰিব পাৰি যে প্ৰিমিয়াৰ হেণ্ডবল লীগ হৈছে ভাৰতৰ প্ৰথম পেছাদাৰী পুৰুষৰ হেণ্ডবল লীগ। সমগ্ৰ ভাৰতৰ বিভিন্ন চহৰক প্ৰতিনিধিত্ব কৰা ছটা দলৰ ফ্ৰেঞ্চাইজি ভিত্তিক আয়োজন কৰা এই লীগে দেশত হেণ্ডবলত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্য লৈছে।

ইতিমধ্যে ৮ জুনৰ পৰা আৰম্ভ হোৱা লীগখন ২৫ জুনত শেষ হ’ব। লীগৰ প্ৰথম ছিজনৰ বাবে নিযুক্তি দিয়া হিমাংশুৱে তেওঁৰ নতুন ভূমিকাত অৰ্হতা আৰু অভিজ্ঞতাৰ এক অনন্য মিশ্ৰণ ঘটাইছে। অভিযান্ত্ৰিক ডিগ্ৰীৰ অধিকাৰী হিমাংশুৰ প্ৰকৃত আবেগ ক্ৰীড়াত নিহিত হৈ আছে।

অসমৰ ক্ৰীৰা ক্ষেত্ৰত প্ৰাক্তন টেবুল টেনিছ খেলুৱৈ হিচাপে জনাজাত হিমাংশুৱে ইতিমধ্যেই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসংখ্য প্ৰশংসা লাভ কৰিছে। হিমাংশুৱে ইয়াৰ পূৰ্বে ইণ্ডিয়ান কলেজিয়েট এথলেটিক প্ৰগ্ৰেম (আইচিএপি) প্ৰতিষ্ঠা কৰে, যি যুৱ প্ৰতিভাক লালন-পালন কৰাৰ লগতে কলেজীয়া পৰ্যায়ত ক্ৰীড়াৰ বৃদ্ধিত অৰিহণা যোগাই আহিছে।


ক্ৰীড়া বিকাশৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ উদাহৰণ ইউনাইটেড বাস্কেটবল এলায়েন্স (ইউবিএ) আৰু হুইলচেয়াৰ ক্ৰিকেট ইণ্ডিয়া এছ’চিয়েশ্যন (ডব্লিউচিআইএ) কে ধৰি উল্লেখযোগ্য প্ৰতিযোগিতাসমূহৰ আয়োজনৰ ক্ষেত্ৰত তেওঁ ওতঃপ্ৰোত ভাবে জড়িত হৈ আহিছে।

২০১৯ চনত এনবিএ ইণ্ডিয়া গেমছৰ সময়ত ভাৰত চৰকাৰৰ সৈতে জৰিত হৈ প্ৰট’কলৰ মুৰব্বী হিচাপেও কাম কৰাৰ অভিজ্ঞতা অৰ্জন কৰিছে।

হিমাংশুৱে ৰূপে প্ৰাইম ভলীবল লীগৰ ছিজন ১ বিজয়ী কলকাতা থাণ্ডাৰবল্টছ ২০২২ ৰ মুখ্য দল পৰিচালক হিচাপেও কাম কৰিছিল।


প্ৰসঙ্গত হিমাংশুৱে কয়, “ক্ৰীড়াৰ প্ৰতি থকা মোৰ অনুৰাগ আৰু ক্ৰীড়া ইভেণ্ট পৰিচালনাৰ অভিজ্ঞতাক প্ৰিমিয়াৰ হেণ্ডবল লীগলৈ আনিবলৈ পাই উৎফুল্লিত হৈছো। দিল্লী পেঞ্জাৰছ দলৰ জৰিয়তে আমি অনুৰাগীসকলক অনুপ্ৰাণিত কৰাৰ ওপৰি মনোৰঞ্জন দিয়াৰ লক্ষ্য ৰাখিছো। আমাৰ লক্ষ্য হৈছে তৃণমূল পৰ্যায়ৰ হেণ্ডবলৰ প্ৰভূত প্ৰসাৰ কৰা।”

অন্যহাতে এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰি দিল্লী পেঞ্জাৰছৰ মালিক বিনীত ভাণ্ডাৰী আৰু ৰজত আগৰৱালে কয় যে “স্পৰ্টছ লীগৰ পৰিচালনাৰ ক্ষেত্ৰত হিমাংশুৰ এক বিশাল অভিজ্ঞতা আছে। আমি তেওঁক আমাৰ দলৰ জিএম হিচাপে নিযুক্তি দি উল্লাসিত হৈছো”।

Leave A Reply