গুৱাহাটী, ৫ জুন ঃ himanta biswa sarma । অসম এমেচাৰ বক্সিং সন্থাৰ সহযোগত গুৱাহাটীৰ উলুবাৰী বক্সিং ক্লাবে আয়োজন কৰা সদৌ অসম আন্তঃজিলা জুনিয়ৰ [ল’ৰা-ছোৱালী] আৰু এলিট [পুৰুষ-মহিলা] শাখাৰ ৰাজ্যিক প্ৰতিযোগিতাখন আজিৰে পৰা আৰম্ভ হৈছে৷ কছাৰী বস্তিস্থিত উলুবাৰী বক্সিং ক্লাবৰ চৌহদত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ বক্সাৰৰ বিশ্বজয়ৰ সফলতাৰ বাবে ৰাজ্যৰ গৌৰৱ পৃথিৱীতে জাকতজিলিকা হৈ উজলিছে৷

‘ক্ৰীড়া হৈছে সংস্কৃতি, বিজ্ঞান-প্ৰজ্ঞানৰ দৰেই এটা জাতীৰ আত্মা৷ এখন দেশৰ উন্নয়ন যিদৰে গুৰুত্বপূৰ্ণ সমানে গুৰুত্বপূৰ্ণ ক্ৰীড়াৰ জড়িয়তে প্ৰজন্মক আগুৱাই লৈ যোৱা যাতে ক্ৰীড়াবিদৰ সফলতাই দেশৰ শক্তিক বিশ্বত গৌৰৱৰে প্ৰতিষ্ঠা কৰে৷ অসমো এই পথৰে অনিৰুদ্ধ যাত্ৰাৰে আগুৱাই যাব লাগিব৷ আনহাতে বক্সিং অসমৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা এবিধ ক্ৰীড়া৷ উলুবাৰী বক্সিং ক্লাবৰ পৰাই অসমৰ বক্সাৰৰ যি গৌৰৱৰ অবিৰত যাত্ৰাৰ আৰম্ভনি হৈছিল সেয়া শিৱ থাপা-লাভলিনা বৰগোহাঁয়ে অলিম্পিকৰ মঞ্চলৈ লৈ গৈ অসমক বিশ্বতে পৰিচয় কৰি দিছে৷ যোৱা তিনিটা দহকত অসমৰ বক্সাৰে ৰাষ্ট্ৰীয়-আন্তৰ্জাতিক পৰ্যায়ত সফলতা লাভ কৰি প্ৰমান কৰিছে অসম ভূমি বক্সাৰ অন্যতম কমাৰশাল৷ সেয়ে ৰাজ্য চৰকাৰে অন্য ক্ৰীড়াৰ লগতে বক্সিঙক আগুৱাই নিয়াত বিশেষভাবে গুৰুত্ব প্ৰদান কৰিব৷’ মুখ্যমন্ত্ৰীয়ে কয়৷

তেওঁ অসমৰ ক্ৰীড়া বিকাশৰ বাবে আধুনিক আন্তঃগাঠনি, উন্নত প্ৰশিক্ষণ আৰু এক্সপ’জাৰৰ সুবিধা খেলুৱৈক প্ৰদান কৰাৰ কথা ব্যক্ত কৰাৰ লগতে আৰ্থিক নিৰাপত্তাৰ দিশটোও ৰাজ্য চৰকাৰে সমানে গুৰুত্ব দিব বুলি কয়৷ অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱৰ, অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কলিতা, মেয়ৰ মৃগেন শৰনীয়া আদি উপস্থিত থাকে৷

অহা আঠ জুনত সামৰণি পৰিব লগা প্ৰতিযোগিতাখনত অসম বক্সিং সন্থাৰ স্বীকৃতি প্ৰাপ্ত ৩২ খন জিলাৰ প্ৰায় চাৰিশ খেলুৱৈয়ে অংশ লৈছে৷ আজি পূৱাৰে পৰাই প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ খেলসমুহ অনুষ্ঠিত হৈছে৷ এই প্ৰতিযোগিতাৰ পৰাই আসন্ন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে অসম দলটো গঠন কৰা হ’ব৷