Himanta Biswa Sarma: আধাৰ কাৰ্ড সম্পৰ্কে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য: প্ৰাপ্তবয়স্কই আধাৰ নাপাব আধাৰ কেন্দ্ৰত

ডিজিটেল ডেস্কঃ Himanta Biswa Sarma মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে, বৰ্তমান আধাৰ প্ৰদানৰ প্ৰক্ৰিয়াত সলনি অনা হ’ব। চৰকাৰে সিদ্ধান্ত লৈছে যে, প্ৰাপ্তবয়স্ক লোকসকলে এতিয়া আধাৰ চেণ্টাৰ বা এছডিচি কেন্দ্ৰসমূহৰ জৰিয়তে আধাৰ লাভ কৰিব নোৱাৰিব।

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কয়, “প্ৰাপ্তবয়স্ক সকলৰ আধাৰ ইতিমধ্যে হৈ গ’ল। এতিয়া কেৱল শিশুসকলকহে আধাৰ দিয়া হ’ব। কোনো প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে, তেন্তে জিলা উপায়ুক্ত (DC) ইয়াৰ অনুমতি নিদিয়া পৰ্যন্ত আধাৰ দিব নোৱাৰিব।”

এই নতুন ব্যৱস্থাৰ উদ্দেশ্য হ’ল বিদেশী বিশেষকৈ বাংলাদেশৰ পৰা অহা অবৈধ লোকসকলে যাতে সহজে আধাৰ লাভ নকৰে। মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, “আমি ৰাস্তা বন্ধ কৰা নাই। যদি কোনোবাই যোগ্য হয়, তেন্তে ডিচিয়ে তদন্ত কৰি আধাৰ দিব পাৰে।

চূড়ান্তভাৱে এই নীতি কেবিনেট বৈঠকত অনুমোদিত হোৱাৰ পাছত কাৰ্যকৰী হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। চৰকাৰৰ মতে, এই পদক্ষেপ অসমত অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত এক ডাঙৰ ব্যৱস্থা হিচাপে কাম কৰিব।

Related Articles