ডিজিটেল ডেস্কঃ Himanta Biswa Sarma শুকুৰবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এপিএছচি নিয়োগ সংক্রান্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এপিএছচি সম্পৰ্কীয় ৰায়ক লৈ বহু সংবাদ মাধ্যমত কোৱা হৈছে যে চাকৰি ঘূৰাই দিয়াৰ নিৰ্দেশ দিয়া হৈছে। কালি আমি ৰায়টো সুক্ষ্মভাৱে পৰ্যালোচনা কৰিলো—চাকৰি ঘূৰাই দিয়াৰ কোনো নিৰ্দেশ দিয়া নাই।”
ৰায়টোৰ ব্যাখ্যা আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰে, “তেওঁলোকৰ যিটো Discharge Order আছে, সেইটো Non-Stigmatic কৰি পুনৰ Issue কৰিব লগা হ’ব। যাতে ব্যক্তিসকলৰ ভৱিষ্যতৰ কৰ্মসংস্থাপনত কোনো বাধা নাহে।”
এপিএছ (APS) পদৰ বিষয়টো উল্লেখ কৰি তেওঁ লগতে কয়, “এই অংশটো লৈ হয়তো অসম চৰকাৰে উচ্চতম ন্যায়ালয়লৈ যাবলগীয়া হ’ব পাৰে। কিন্তু বাকী পদসমূহৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে বৰ্খাস্ত আদেশ সংশোধনৰ কথা উল্লেখ কৰিছে।”
মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত এই বিষয়টো ৰাজ্য চৰকাৰে পুনৰ এক সপ্তাহ মান সময় লৈ বিশ্লেষণ আৰু পৰ্যালোচনা কৰিব বুলি জনায়।