ডিজিটেল ডেস্কঃ Himanta Biswa Sarma বহুপ্ৰতীক্ষিত বডোলেণ্ড টেৰিটোৰিয়েল কাউন্সিল (BTC) নিৰ্বাচন অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। BTR পৰিষৰলৈ ৫ দিনীয়া ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে এই গুৰুত্বপূর্ণ ঘোষণা কৰে।
মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে—ছেপ্টেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু দুর্গা পূজাৰ পূৰ্বে ফলাফল ঘোষণাৰ সম্ভাৱনা আছে। এই উপলক্ষে ৰাজ্য চৰকাৰে সকলো প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে।
BTR অঞ্চলৰ উন্নয়নমূলক পৰিসংখ্যা পৰ্যালোচনা কৰিবলৈ মুখ্যমন্ত্ৰী ৫ দিন BTRত উপস্থিত থাকিব।
উল্লেখযোগ্য যে, BTC নিৰ্বাচন BTRবাসীৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ, কাৰণ এই নিৰ্বাচনে অঞ্চলটোৰ আগন্তুক নেতৃত্ব আৰু উন্নয়নক প্ৰভাৱিত কৰে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত অঞ্চলটোৰ ৰাজনৈতিক গতি-প্ৰকৃতি তীব্ৰ ৰূপ লৈছে।