গুৱাহাটী, ৬ জুলাই: Himanta Biswa Sarma ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থাক অধিক কটকটীয়া আৰু আধুনিক কৰি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে এক গুৰুত্বপূর্ণ পদক্ষেপ হাতত লৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সামাজিক মাধ্যমত এই পদক্ষেপসমূহ সদৰী কৰি কয় যে, গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ২,০০০ টাকৈ চি চি টিভি কেমেৰা, ৰাজহুৱা ঘোষণা ব্যৱস্থা, জৰুৰীকালীন কল বক্স আদি স্থাপন কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে কয়, “প্ৰযুক্তিৰ সহায়ত গুৱাহাটীৰ সুৰক্ষা ব্যৱস্থাক অধিক দৃঢ় আৰু জনমুখী কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নাগৰিকৰ সুৰক্ষাত এই পদক্ষেপসমূহ নিশ্চিতকৈ সহায়ক হ’ব।”
গুৱাহাটীৰ আধুনিক সুৰক্ষা ব্যৱস্থাৰ মূল উপাদানসমূহ:
- ২,০০০ টা চি চি টিভি কেমেৰা (২৪ ঘণ্টা নিৰীক্ষণৰ ব্যৱস্থা)
- ২০ টা ৰাজহুৱা ঘোষণা ব্যৱস্থা
- ২০ টা জৰুৰীকালীন কল বক্স
- ১০ টা ভেৰিয়েবল মেছেজ ডিছপ্লে
- ৪ টা ম’বাইল ৰেপিড ডিপ্লয়েবল ছাৰ্ভিলেন্স ছলিউশ্যন
কামৰ অগ্ৰগতি:
- জি এছ ৰোডত ইতিমধ্যে ১০০ টা চি চি টিভি কেমেৰা সক্ৰিয়
- ৯০ শতাংশতকৈ অধিক IT, ছফ্টৱে’ৰ আৰু হাৰ্ডৱে’ৰ সামগ্ৰী মজুত
- ৬৯০ টা কেমেৰা খুঁটা মহানগৰীৰ বিভিন্ন স্থানত ইতিমধ্যে স্থাপন

গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ অধীনত এই প্ৰকল্পৰ কাম আগবাঢ়ি গৈছে। অপৰাধৰ সংখ্যা যিহেতু গুৱাহাটীত দিনে দিনে বৃদ্ধি পাইছে—বিশেষকৈ চুৰি-ডকাইতি, হত্যাকাণ্ড, পথ দুৰ্ঘটনা, নাৰী নিৰ্যাতন আদিৰ ক্ষেত্ৰত—সেয়ে এই ব্যৱস্থা অপৰাধ ৰোধত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।
গুৱাহাটীৰ ৰাস্তাঘাট, বাছষ্টেণ্ড, বজাৰ, শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয় আদি জনসমাগমযুক্ত স্থানসমূহত এই চি চি টিভি কেমেৰাসমূহ সংস্থাপন কৰা হ’ব।
ইফালে, এই সমগ্ৰ ব্যৱস্থাপনাৰ সফল নিয়ন্ত্ৰণৰ বাবে খানাপাৰাত গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ ওপৰ মহলাত ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰ (ICCC) স্থাপন কৰা হৈছে।
উল্লেখযোগ্য যে, এই আধুনিক সুৰক্ষা ব্যৱস্থাই গুৱাহাটীৰ চহৰবাসীৰ বাবে এটি সুৰক্ষিত আৰু সজাগ পৰিবেশ গঢ়ি তুলিব বুলি চৰকাৰৰ আশা।