Himanta Biswa Sarma: চাইকেল ফেক্টৰীৰ পৰা উত্তৰ গুৱাহাটীলৈ—শীঘ্ৰেই মুকলি হ’ব গুৱাহাটীৰ ৩খন উৰণ সেতু

গুৱাহাটী, ৭ জুলাই: Himanta Biswa Sarma ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ ৰুক্মিণীগাঁৱত নিৰ্মিত ‘ভগদত্ত-২’ নামৰ নৱনিৰ্মিত উৰণ সেতুখনৰ শুভ উদ্বোধন কৰে। মাত্ৰ ৯ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱা এই উৰণ সেতুখনৰ নিৰ্মাণত ব্যয় হৈছে ১১২ কোটি টকা।

উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ পৰিবহন ব্যৱস্থাৰ উন্নয়ন সন্দৰ্ভত একাধিক গুৰুত্বপূর্ণ ঘোষণা কৰে। তেওঁ কয়, “অসমৰ চাৰিওফালে মই ফ্লাইঅ’ভাৰ বনাম। যদি কোনোবাই মোক গালি দিয়ে, মই তাৰ উত্তৰস্বৰূপে দুখনকৈ উৰণ সেতু নিৰ্মাণ কৰিম। সমালোচনাই মোক অধিক উৎসাহেৰে কাম কৰিবলৈ প্ৰেৰণা দিয়ে।”

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে গুৱাহাটীবাসীয়ে শীঘ্ৰেই লাভ কৰিব আৰু তিনিখন নতুন উৰণ সেতুৰ সুবিধা। তেওঁৰ ভাষ্য অনুসৰি—

  • চাইকেল ফেক্টৰী উৰণ সেতু আৰু ভৰলুমুখ উৰণ সেতু অহা ফেব্ৰুৱাৰী মাহত উদ্বোধন হ’ব।
  • চানমাৰি উৰণ সেতু ব’হাগ বিহুৰ পূৰ্বে মুকলি হ’ব।
  • গুৱাহাটী-উত্তৰ গুৱাহাটী দলং অহা জানুৱাৰীত উদ্বোধন হ’ব, যাৰ ফলত বাইহাটালৈ গুৱাহাটীৰ সংযোগ অধিক সহজ হ’ব।

তেওঁ লগতে কয়, “গুৱাহাটী ডাঙৰ হোৱাৰ লগে লগে অসমত কৰ্মসংস্থাপনো বৃদ্ধি পাইছে। আগন্তুক দিনত অসমৰ যুৱক-যুৱতীসকলে বাহিৰলৈ যাব নালাগে। অসমতে বসবাস কৰি আয়-উৎপাদনৰ সুবিধা আমি প্ৰদান কৰি আছোঁ।”

Related Articles