ডিজিটেল ডেস্ক, গুৱাহাটী: Himanta Biswa Sarma গুৱাহাটীবাসীৰ বাবে সুখবৰ! অহা নৱেম্বৰ মাহত মহানগৰীত মুকলি হ’ব নতুন বিমান বন্দৰ। এই বিমান বন্দৰটো বিশেষভাৱে অসমৰ সাংস্কৃতিক পৰিচয় প্ৰতিনিধিত্ব কৰা “কপৌ ফুলৰ আকৃতি” অনুসৰি নিৰ্মাণ কৰা হৈছে। বিমান বন্দৰখনৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰাৰ সম্ভাৱনা আছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, এই বিমান বন্দৰখনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এটা এলিভেটেড কৰিড’ৰ (Elevated Corridor) এই বছৰে আৰম্ভ হ’ব। এই কৰিড’ৰটো গুৱাহাটীৰ যানবাহন সমস্যাৰ এক উল্লেখযোগ্য সমাধান হিচাপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।