গুৱাহাটী, ৭ জুলাইঃ Himanta Biswa Sarma ৰাজ্যত অব্যাহত আছে অবৈধ অধিকাৰ হৰণৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ উচ্ছেদ অভিযান। এইবাৰ গোৱালপাৰা জিলাৰ পাইকান বনাঞ্চলতো চলিব উচ্ছেদ অভিযান। দেওবাৰে গুৱাহাটীত সংবাদমেলত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অহা ১০ জুলাইত গোৱালপাৰাৰ পাইকান বনাঞ্চলত উচ্ছেদ অভিযান চলিব। লগতে তেওঁ কয়, ৮ জুলাইৰ পৰা চাপৰত পাৱাৰ প্লান্টৰ বাবে উচ্ছেদ অভিযান আৰম্ভ হ’ব। মুখ্যমন্ত্ৰীৰ বক্তব্য অনুসৰি, চাপৰত ইতিমধ্যে ৰাইজৰ এক বৃহৎ অংশই নিজে নিজে অঞ্চল এৰি আঁতৰি গৈছে।
চৰকাৰে যিসকল ব্যক্তিক আইনীভাৱে মাটি আৱণ্টন কৰিছিল বা যিসকলৰ মাটিৰ পট্টা বৈধ আছিল, তেওঁলোকক চৰকাৰী নীতি অনুসৰি ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে।
তেওঁ আৰু কয়, “পাইকান অঞ্চলটো বনাঞ্চল হোৱাৰ বাবে এতিয়াও বহু লোক সৰা নাই। সেয়ে ১০ জুলাইত বাধ্য হৈ অভিযান চলাব লগা হ’ব পাৰে। তথাপি আমি বিচাৰো, ৰাইজে নিজে নিজে আঁতৰি যাওক যাতে উচ্ছেদৰ প্ৰয়োজন নহয়।”
অসম চৰকাৰে বিগত সময়ছোৱাত ৰাজ্যজুৰি একাধিক ঠাইত উচ্ছেদ অভিযান চলাইছে, আৰু এই অভিযান আগন্তুক দিনতো অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে।