নামঘৰতো গৰু মাংস নালাগে, মছজিদতো গাহৰি মাংস নালাগে : মুখ্যমন্ত্ৰী Himanta Biswa Sarma

গুৱাহাটী, ৭ জুলাই: Himanta Biswa Sarma ৰাজ্যত সাম্প্ৰতিকভাৱে মছজিদত গাহৰি মাংস উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্ক চলি থকা সময়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিলে এক গুৰুত্বপূর্ণ মন্তব্য। মুখ্যমন্ত্ৰীয়ে কোৱা মতে, অসমৰ ধৰ্মীয় সম্প্ৰীতি ৰক্ষা কৰিবলৈ সকলো ধৰ্মীয় স্থানত যিকোনো প্ৰকাৰৰ বিতৰ্কজনক কাৰ্য বন্ধ হ’ব লাগিব।

মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয়, “গৰু মাংস পৰিলে গাহৰি মাংসও পৰিব। এই কামটো বন্ধ হ’ব লাগিব। নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এক মহান স্থান হৈ থাকিব লাগে।”

গুৱাহাটী মহানগৰৰ পাঞ্জাবাৰীৰ পুৰণিবস্তিৰ ফখৰুদ্দিন আলী আহমেদ নগৰৰ ঈদগাহ মছজিদ চৌহদত নিশা দুষ্কৃতিকাৰীয়ে গাহৰি মাংস দলিয়াই থৈ যোৱাৰ ঘটনাক লৈ মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় – “গৰুৰ মাংসক কোনোবাই অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছিল। হিন্দু মানুহ আঁতৰাবৰ বাবে গৰু মাংস থৈ দিলে, আমি ভাবিব লাগিব গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেয়ে, দুয়ো নালাগে – গৰুৰ মাংসও নালাগে, গাহৰিৰ মাংসও নালাগে।”

তেওঁ লগতে কয়, “গৰু মাংস পৰিলেও আন্দোলন হ’ব লাগে, গাহৰি মাংস পৰিলেও আন্দোলন হ’ব লাগে। কিন্তু কোনো পক্ষেও আইন হাতত ল’ব নালাগে।” দুষ্কৃতিকাৰীক আটক কৰাৰ বিষয়ে তেওঁ স্পষ্টভাৱে কয় – “দুষ্কৃতিকাৰীক নিশ্চিতভাৱে গ্ৰেপ্তাৰ কৰা হ’ব। আমি কাকো আইন অমান্য কৰিবলৈ নিদিও।”

উল্লেখযোগ্য যে, ৰাজ্যত গো-মাংসক লৈ চলি থকা বিতৰ্কৰ মাজতে পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংস উদ্ধাৰ হোৱা ঘটনাই নতুনকৈ বিতৰ্কৰ আগবঢ়াইছে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যক বিশেষ গুৰুত্ব সহকাৰে লৈছে ৰাজনৈতিক আৰু সামাজিক মহলে।

সম্প্ৰদায়িক সম্প্ৰীতি অক্ষুন্ন ৰাখিবলৈ চৰকাৰে এই ক্ষেত্ৰত কঠোৰ ভূমিক গ্ৰহণ কৰিব বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰীয়ে।

Related Articles