ডিজিটেল ডেস্ক: Himanta Biswa Sarma অসমত চলি থকা বৃহৎ উচ্ছেদ অভিযানৰ মাজতে ধুবুৰীৰ চাপৰত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদত নামি অহা বেদখলকাৰীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে।
এক ভিডিঅ’ ক্লিপত স্পষ্টভাৱে এজন বেদখলকাৰীক কোৱা দেখা গৈছে —
“আজি হিমন্ত আহিব লাগিছিল, হিমন্তৰ গল কাটি দিলোঁ হয়।”
এই বক্তব্য সম্পূৰ্ণ অঞ্চলটোত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা বৃদ্ধি কৰিছে।
উল্লেখযোগ্য যে, ধুবুৰীৰ সন্তোষপুৰ, চিৰাকুটা, চৰুৱাবাখৰা আদিৰ অঞ্চলত ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বৃহৎ পৰিসৰত উচ্ছেদ অভিযান চলি আছে। উল্লেখযোগ্য যে, তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ৩,৫০০ বিঘা ভূমিত এই উচ্ছেদ অভিযান চলাইছে চৰকাৰে। উক্ত ভূমি আদানী গ্ৰুপক প্ৰদান কৰা হ’ব বুলি চৰকীয় সূত্ৰে জনোৱা হৈছে।
ইফালে, উচ্ছেদিত একাংশই প্ৰতিক্ৰিয়া জনাবলৈ লাঠি লৈ দলে বলে সমবেত হৈছে। আৰক্ষী বাহিনীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে।
জনগণৰ মাজত আতংক ছটিয়াই দিয়া এই উগ্ৰ হুংকাৰক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।