দৰং চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী, ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব ৮০০ কোটি টকাৰ প্ৰকল্পৰ । Himanta biswa sarma


Himanta biswa sarma । অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে দৰং জিলা সদৰ মঙলদৈত প্ৰস্তাবিত দৰং চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে, অহা ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। ৮০০ কোটি টকাৰ ব্যয় সাপেক্ষ এই বৃহৎ প্ৰকল্পটোৰ লগত কুৰুৱা-নাৰেঙ্গী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পো অন্তর্ভুক্ত থাকিব।

পৰিদৰ্শনকালে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে যে, বৰ্তমান ৰেচম বিভাগৰ অধীনস্থ এই স্থানত থকা সৰু গছসমূহ অন্য স্থানলৈ স্থানান্তৰিত কৰি পুনৰ ৰোপণ কৰা হ’ব। লগতে, ডাঙৰ গছসমূহ সংৰক্ষণ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উচ্ছেদ সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে, “প্ৰকৃতভাৱে ভূমিহীন লোককেই ভূমি প্ৰদান কৰা হৈছে। কিন্তু যি সকল লোকে এটা ঠাইৰ পৰা সৰি আহি শতাধিক বিঘা ভূমি দখল কৰিছে, সেইসকলক উচ্ছেদ কৰা হৈছে আৰু আগলৈয়ো কৰা হ’ব।”

উচ্ছেদিত লোকৰ ওচৰত ৰকিবুল হুছেইন আৰু অখিল গগৈৰ উপস্থিতি সম্পৰ্কে প্ৰতিক্ৰিয়া জনাই মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰি কয়, “ৰকিবুল আৰু অখিল গগৈয়ে কান্দে যদিও চকু পানী নোলায়। ভালকৈ চালে চকুত চকুপানী দেখা নাযায়। আকৌ অখিল গগৈয়ে আঁকোৱালি ধৰোতে চকু লুকুৱাই ৰাখে।”

এইদিনা মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মঙ্গলদৈৰ সংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস, পৰমানন্দ ৰাজবংশী আৰু দিগন্ত কলিতা। ইতিমধ্যে দৰং প্ৰশাসনে চিকিৎসা মহাবিদ্যালয়ৰ বাবে ১৪৬ বিঘা ভূমি আৱণ্টন কৰিছে।

এই চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লগে লগে দৰং জিলাৰ স্বাস্থ্য সেৱা খণ্ডত এক নতুন দিশ আৰম্ভ হোৱাৰ আশা কৰা হৈছে।

Related Articles