কৰ্কট প্ৰতিষ্ঠানৰ মাচুল চৰকাৰে বহন কৰিব, কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ মন্তব্য । Himanta Biswa Sarma

Himanta Biswa Sarma । নিৰ্বাচনী প্ৰচাৰৰ বাবে কোকৰাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নেৰানেপেৰা বৰষুণ উপেক্ষা কৰি মুখ্যমন্ত্ৰীয়ে বিটিচি পৰিষদীয় সমষ্টি বনৰগাঁও আৰু গোমাত অনুষ্ঠিত বিজেপিৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। এই সুযোগত মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই উপস্থিত থাকে।

চন্দ্ৰপাৰা হাইস্কুল খেলপথাৰত আয়োজিত সভাত ভাষণ দিয়ে মুখ্যমন্ত্ৰীয়ে কয়, বিটিআৰত বিজেপিৰ শক্তি ক্রমে বৃদ্ধি পাইছে আৰু ইউপিপিএল, বিপিএফ দুয়োয়ে ইতিমধ্যে স্বীকাৰ কৰিছে যে বিজেপি বৰ শক্তিশালী। তেওঁ অভিযোগ তোলে যে ভিচিদিচিৰ আঁচনি সমূহ সঠিকভাৱে ৰূপায়িত হোৱা নাই আৰু ইয়াক সংশোধনৰ প্ৰয়োজন। সেই বাবে বিটিআৰত বিজেপিৰ শক্তিশালী উপস্থিতি আবশ্যক বুলি মন্তব্য কৰে।

ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বিষয়ে চৰকাৰৰ অভিপ্ৰায় স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে কয়, অসম চৰকাৰে ইয়াক ভঙাৰ সপোনো দেখা নাই। দিলীপ শইকীয়াইও স্পষ্ট কৰে যে বিজেপি দল এন্টি-ট্ৰাইবেল নহয়; বৰঞ্চ ৬০০ গাঁওক অন্তৰ্ভুক্ত কৰি মাইক্ৰো ট্ৰাইবেল বেল্ট গঠনৰ প্ৰক্ৰিয়া চলি আছে।

কৰ্কট চিকিৎসা প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিৰ বিষয়ে মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, “এয়া ভুল বুজাবুজি। কেন্সাৰৰ মাচুল ৰাইজে দিব নালাগে। আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডৰ পৰা এই খৰচ বহন হ’ব। জেনেৰেল বিচনাৰ দাম বৃদ্ধিৰ কথা কোৱা হৈছে, কিন্তু ৰোগীয়ে টকা দিব নালাগে — এই টকা দিল্লীয়ে বহন কৰিব। আগতীয়াকৈ ১০ হাজাৰ টকা লোৱাৰ সিদ্ধান্ত ভুল, ইয়াক বাতিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।” লগতে এই বিষয়ে অধিক আলোচনা হোৱাৰো সংকেত দিয়ে।

উল্লেখযোগ্য যে, এইবাৰ বিটিআৰত বিজেপি অকলে প্ৰতিদ্বন্দ্বিতা কৰিছে। মুখ্যমন্ত্ৰীয়ে পুনৰায় স্পষ্ট কৰে যে বিজেপিৰ কোনো শত্ৰু নাই — ইউপিপিএল বা বিপিএফৰ ভিতৰত এটা দল বিজেপিৰ সৈতে শাসনত থাকিব। তেওঁৰ পরিকল্পনা অনুসৰি, অহা ২১ আগষ্টৰ ভিতৰত তেওঁ বিটিআৰৰ সকলো পৰিষদীয় সমষ্টি ভ্ৰমণ সম্পূৰ্ণ কৰিব।

Related Articles