দেশজুৰি উদ্যাপন কৰা হয় ৭৯সংখ্যক স্বাধীনতা (Himanta biswa sarma) দিৱস৷ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰতো আয়োজন কৰা হয় স্বাধীনতা দিৱসৰ ৰাজ্যৰ কেন্দ্ৰীয় কাৰ্যসূচী৷ ৰাজ্যৰ প্ৰতিখন জিলা সদৰতো আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী৷ পুৱা খানাপাৰা খেলপথাৰত জাতীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰি আৰম্ভ কৰে ভাষণ৷ ভাষণৰ আৰম্ভণিতে প্ৰতিগৰাকী সংগ্ৰামী যোদ্ধাক সোঁৱৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ খোজেৰে মই মুখ্যমন্ত্ৰী হ’বলৈ সুযোগ পাইছো৷ অসমবাসীক দিয়া প্ৰতিশ্ৰুতিৰ সফলতা আজি বাস্তৱৰ দিশে৷ অসমত আমি শান্তিৰ কপৌ উৰুৱাইছোঁ৷ চাৰে চাৰি বছৰ কালৰ উন্নয়নত মই গৌৰৱ অনুভৱ কৰিছোঁ৷ ব্ৰহ্মপুত্ৰত দলংসমূহ, ছেমিকণ্ডাক্টৰ প্ৰকল্প, গুৱাহাটীৰ ৰিং ৰোড এতিয়া মুকলিৰ দিশে৷ নামৰূপৰ সাৰ কাৰখানা, ৰে’ল পথ আজি বৈদু্যতিকীকৰণ হ’ল, গুৱাহাটীৰ অত্যাধুনিক বিমানবন্দৰ মুকলিৰ পথত৷ যোৱা বছৰত প্ৰতিদিনে অসমত নিৰ্মাণ হৈছে ১৪ কিলোমিটাৰ পথ৷’ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, ‘দ্ৰুত উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে অসম তৃতীয় স্থানত আছে৷ অসমত এতিয়া সন্ত্ৰাসবাদ নাইকিয়া হৈছে৷ ৰাজ্যত মহিলাৰ বিৰুদ্ধে ঘটা অপৰাধ এতিয়া হ্ৰাস পাইছে৷
২০২৬ৰ ভিতৰত অসমত বাল্যবিবাহ বন্ধ কৰাত আমি সফল হ’ম৷ অসম এতিয়া আন্দোলনমুক্ত হৈছে৷ অসমৰ যুৱক-যুৱতীসকলে নতুন সপোন দেখিছে৷ নিযুক্তিৰ ক্ষেত্ৰত আমি মাইলৰ খুঁটি পুতিবলৈ সক্ষম হৈছো৷ কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছিল, নিবনুৱাৰ সপোন ধবংস কৰা হৈছিল৷ চলিত চৰকাৰে ৰ লাখ ৫১ হাজাৰতকৈ অধিক নিযুক্তি দিছে৷ অহা অক্টোবৰত আৰু কেইবা হাজাৰ পদত নিযুক্তি দিব চৰকাৰে৷ ৰ লাখ ২০ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে৷ আকৌ চলিব উচ্ছেদ, এই নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থাকিব৷ অসমৰ এটুকুৰা মাটিও বেদখলকাৰীৰ কব্জাত থাকিব নোৱাৰে৷ বহু সত্ৰৰ ভূমি মুক্ত কৰি মীমাংসা কৰিবলৈ চৰকাৰে সক্ষম হৈছে৷ অচিনাকি লোকসকলে চাৰিওফালৰ পৰা আমাক বেৰি ধৰিছিল৷ সত্ৰৰ অক্ষয় বন্তি এতিয়াও ধৰি ৰখা সাহসী অসমীয়াসকলক ধন্যবাদ জনাইছোঁ৷ আমাৰ মাটি অচিনাকি লোকে কেতিয়াও কাঢ়ি নিব নোৱাৰে৷ আমাৰ মাটি কোনো কাৰণতে অচিনাকি লোকক বিক্ৰী নকৰিব৷ বসুন্ধৰাৰ জৰিয়তে ২ লাখ ২৯ হাজাৰ লোকে লাভ কৰিছে ভূমিৰ অধিকাৰ৷’ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, ‘মহাৰাজ পৃথুৰ নামত নামকৰণ হ’ব নুনমাটি-দীঘলীপুখুৰীৰ নতুন উৰণ সেতু৷
অহা জানুৱাৰী মাহত লাখ অসমীয়াই গাব ‘অ’ মোৰ আপোনাৰ দেশ’৷’ ৰাজ্যৰ ছাত্ৰীসকলক মুখ্যমন্ত্ৰীৰ শুভকামনা, লগতে কয় যে ‘নিযুত মইনা’ই আৰু আগুৱাই নিব অসমক৷ মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত অসমত আৰম্ভ হ’ব অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ মহিলাৰ মাইক্ৰ’ ফাইনেন্সৰ ঋণ মাফ কৰি আমি সততা দেখুৱাইছো৷’

