আজিৰে পৰা বিজেপিয়ে আৰম্ভ কৰিছে ৱাল পেইণ্টিং অভিযান।(Himanta Biswa Sarma)
ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ সৈতে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰে এই অভিযান।
এই অভিযান আৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে কয়-
‘অসমৰ সুৰক্ষা, বিজেপিৰ প্ৰতিজ্ঞা’।
‘বিকশিত অসম, জয় আই অসম’।
‘বিজেপিৰ পণ, বন্দে মাতৰম’।
বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ শ্ল’গান ঘোষণা।
আনহাতে অখিল গগৈৰ সন্দৰ্ভত কয় যে-
‘অখিল গগৈক হৰুৱাব পৰা বিজেপিৰ বহু কাৰ্যকৰ্তা আছে’।
‘শিৱসাগৰত অখিলক হৰুৱাব পৰা ৫-৬জন কাৰ্যকৰ্তা আছে BJPৰ’।
‘মুখ্যমন্ত্ৰীয়ে শিৱসাগৰত গৈ নিৰ্বাচন খেলাৰ কথা নাহে’।
‘সমষ্টিত সময় নিদি ৰাইজক ঠগোৱাটো মহাপাপ’।
কংগ্ৰেছৰ সন্দৰ্ভত কয় যে-
‘২৩টাকৈ সমষ্টিত টিকটৰ বাবে কংগ্ৰেছত চলিছে দৰ-দাম’।
‘৩ৰ পৰা ৫কোটি টকালৈ উঠিছে টিকটৰ দৰ-দাম’
‘একাংশ নেতাই ইতিমধ্যে আৰম্ভ কৰিছে ধন সংগ্ৰহৰ কাম’।
‘মিঞা সমাজৰ দুৰ্ভাগ্য যে তেওঁলোকে কংগ্ৰেছক ভোটো দিয়ে, টিকটৰ বাবে টকাও দিয়ে’।
‘আৰু তেওঁলোকৰ বিপদৰ সময়ত কংগ্ৰেছৰ সহায়ো নাপায়’।
‘উচ্ছেদৰ সময়ত সংখ্যালঘু ৰাইজৰ পক্ষত থিয় দিবলৈ আগবাঢ়ি নাহে কোনো কংগ্ৰেছ নেতা’।

