Himanta Biswa Sarma: ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

আজি তেজপুৰত মুখ্যমন্ত্ৰী (Himanta Biswa Sarma) ড° হিমন্ত বিশ্বশৰ্মাই তেজপুৰ সমষ্টিৰ বাবে ২৩,২৯১ গৰাকী মহিলা হিতাধিকাৰীক প্ৰদান কৰে “মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি”ৰ চেক৷

ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে-

বৰ অসম চাউলুং চ্যুকাফাই কাহানিবাই গঢ়ি থৈ গৈছে৷ বৰ অসমৰ কথা ক’লে শংকৰদেৱৰ কথা ক’ব লাগিছিল৷ শিৱসাগৰক ধুবুৰী বনাম বুলি নকলেহেঁতেন৷ এতিয়া বৰ অসমৰ কথা বাংলাদেশী মূলৰ ৰেজাউলৰ মুখেৰে নুশুনো৷ গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াই মিঞাক কিয় ইমান ভাল পাই সেইটোহে মই ভাবি উলিয়াব পৰা নাই৷”চেক বিতৰণী অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে এনেদৰে৷


ইফালে, মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় — “মিত্ৰতা ৰাজনৈতিক দল সমূহৰ আভ্যন্তৰীণ বিষয়৷ গতিকে কংগ্ৰেছে কোন দলক কিমান আসন এৰি দিব তাক লৈ গুৰুত্ব দিয়া নাই৷ কিন্তু টিকট দিয়াৰ নামত টকা লোৱা, সেই টকাৰে বিয়া পতা ইত্যাদি বিষয়বোৰৰ কথাহে মই কৈছো৷”

তাৰোপৰি, মুখ্যমন্ত্ৰীয়ে কয় — AGP, BJP একেটাই দল৷ গতিকে প্ৰাৰ্থী যি দলৰে নহওক কিয়, সমষ্টিৰ উন্নয়ন সমানে হ’ব৷

আনহাতে, গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কয় যে — “ট্ৰেইলাৰ চালে এতিয়া চিনেমা চাবলৈ পাব৷”

তদুপৰি, তেজপুৰৰ সামগ্ৰিক উন্নয়ন সন্দৰ্ভতো সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়ে এনেদৰে৷

উল্লেখ্য যে, তেজপুৰ গড়দৌল পথাৰত আজি আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে সাংসদ ৰঞ্জিত দত্তৰ লগতে তেজপুৰ, বৰছলা, ৰঙাপৰা আৰু নদুৱাৰৰ বিধায়কে৷

Related Articles