আজি কলিয়াবৰত আয়োজিত (Himanta Biswa Sarma) জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ ভাষাৰে সাংসদ গৌৰৱ গগৈক কটাক্ষ কৰে। ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে, আজিৰ অসমীয়াই কোনো পাকিস্তানৰ এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে। অসম আত্মসম্মানৰ সৈতে জীয়াই থাকিব জানে। লগতে মুখ্যমন্ত্ৰীয়ে কয়, অসমৰ জনতাই এতিয়া কেৱল ৰাজনীতি নহয়, উন্নয়ন আৰু ভৱিষ্যতৰ সপোন দেখিছে। অসমে এতিয়া আকাশ চোৱাৰ সপোন দেখিছে আৰু আকাশ চুবই, বুলি মন্তব্য কৰি তেওঁ উন্নয়ন, শিক্ষা, স্বাস্থ্য আৰু অৰ্থনৈতিক অগ্ৰগতিত ৰাজ্যখন আগবঢ়াই নিয়াৰ অংগীকাৰ পুনৰ দোহাৰে। উল্লেখ্য যে, গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কয়, একাংশ নেতাই অসমৰ স্বাৰ্থৰ পৰিবৰ্তে বাহিৰৰ এজেণ্ডা আগবঢ়াই লৈ ফুৰে। কিন্তু অসমৰ ৰাইজে সেই ধৰণৰ ৰাজনীতি কেতিয়াও গ্ৰহণ নকৰে। অসমীয়াই দেশবিৰোধী শক্তিৰ লগত কোনো আপোচ নকৰে। বৰ্তমান চৰকাৰে অসমক উন্নয়নৰ নতুন দিশলৈ লৈ গৈছে আৰু এই যাত্ৰাক কোনেও বাধা দিব নোৱাৰে। অসমৰ যুৱ সমাজে এতিয়া আত্মবিশ্বাসেৰে আগবঢ়াই যোৱাটো মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে উল্লেখ কৰে। এই জনসভাত মুখ্যমন্ত্ৰীৰ বক্তব্যই ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে। কংগ্ৰেছ নেতৃত্বই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সম্ভাৱনা থকাৰ বিপৰীতে, বিজেপিৰ সমৰ্থকে মুখ্যমন্ত্ৰীৰ বক্তব্যক শক্তিশালী আৰু সময়োপযোগী বুলি উল্লেখ কৰিছে।

