আগন্তুক ২০২৬ (Himanta Biswa Sarma) চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এক গুৰুত্বপূৰ্ণ প্ৰাক্-নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰিছে দ্য নিউজ টেব আৰু আইএনডি চইচ গ্ৰুপ নামৰ সংস্থাই৷ ৫২% ভোটাৰে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক৷ সামগ্ৰিক সমীক্ষা অনুসৰি হিমন্ত বিশ্ব শৰ্মাই ৫২%, গৌৰৱ গগৈয়ে ৩৬% ভোট লাভ কৰিছে৷ এই সমীক্ষাত পুনৰবাৰ ক্ষমতা লাভৰ দিশে আগবাঢ়ি আছে এনডিএ জোঁট৷ উল্লেখ্য যে দ্য নিউজ টেবৰ প্ৰাক্ নিৰ্বাচনী সমীক্ষা অনুসৰি ১২৬টা বিধানসভা সমষ্টিত এনডিএ জোঁটে প্ৰায় ৯৫১ পৰা ১০০খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷
আনহাতে, কংগ্ৰেছ নেতৃত্বাধীন জোঁটৰ সম্ভাব্য আসন ১০১ পৰা ১৩খনৰ ভিতৰত সীমাবদ্ধ আৰু এআইইউডিএফৰ ফলাফলো এইবাৰ যথেষ্ট দুৰ্বল হ’ব পাৰে বুলি সমীক্ষাত উল্লেখ কৰা হৈছে৷ সমীক্ষা অনুসৰি হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে আগবাঢ়ি আছে৷ প্ৰায় ৫৬ শতাংশ ভোটাৰে তেওঁক পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে৷ আনহাতে, কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে লাভ কৰিছে প্ৰায় ৩৮ শতাংশ সমৰ্থন৷ আনহাতে, আইএনডি চইচ গ্ৰুপ নামৰ সংস্থাই প্ৰকাশ কৰা সমীক্ষা অনুসৰি বিভিন্ন শ্ৰেণীৰ ভোটাৰৰ মাজত মুখ্যমন্ত্ৰী পছন্দৰ ক্ষেত্ৰত উল্লেখযোগ্য পাৰ্থক্য দেখাবলৈ পোৱা গৈছে৷
পুৰুষ ভোটাৰৰ মাজত ৫৬ শতাংশই হিমন্ত বিশ্ব শৰ্মাক, ৩৩ শতাংশই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে সমৰ্থন কৰে৷ লগতে, মহিলা ভোটাৰৰ মাজত এই সমৰ্থন আৰু অধিক হোৱা দেখা গৈছে৷ সমীক্ষা অনুসৰি ৬৬ শতাংশ মহিলা ভোটাৰে হিমন্ত বিশ্ব শৰ্মাক, ১৮ শতাংশই গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে৷ যুৱ ভোটাৰৰ মাজতো হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা অধিক হোৱা দেখিবলৈ পোৱা যায়৷ লগতে, প্ৰতিটো সমীক্ষাতে মুছলমানৰ প্ৰবল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম গৌৰৱ গগৈ৷ আনহাতে, সমগ্ৰ পৰিস্থিতি বিশ্লেষণ কৰিলে অনুমান কৰিব পাৰি যে এই মুহূৰ্তত ৰাজনৈতিক সমীকৰণত এনডিএ আগবাঢ়ি আছে৷

