Himanta Biswa Sarma: অসমৰ নিমখ খাই পাকিস্তানৰ গুণ গোৱাসকলৰ ঠেং ছিঙি দিয়া হ’ব

অসমত এতিয়া শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে৷(Himanta Biswa Sarma)অসমত এতিয়া বন্দুক-বাৰুদৰ বোমাৰ শব্দত ৰাতি নুপুৱাই৷ ঢোল-পেঁপা-গগণাৰ মাতহে ৰাতি পুৱাই৷ মানুহে নিশা তিনি বজালৈকে বিহু উপভোগ কৰা পৰিৱেশ অসমত সৃষ্টি হৈছে৷ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি শুৱালকুছিৰ মাজতোল বালিচৰৰ ভূপেন হাজৰিকা মঞ্চত আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে আয়োজিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ তেওঁ পুনৰ কয় য়ে শুৱালকুছি, বংশৰ, শিঙিমাৰী অঞ্চলৰ ৰাইজে সদায়ে বিজেপি দলক ভোট দি আহিছে৷ এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ বৰ্ষত অনুষ্ঠিত হ’ব লগা বিধানসভাতো বিজেপি দলক ভোট দি তৃতীয় বছৰৰ বাবে বিজেপি দলক ক্ষমতা দখলৰ সুযোগ দিব লাগিব৷ আগতে শুৱালকুছি, বংশৰ পুৰণা জালুকবাৰী সমষ্টি আছিল ৷ এইবাৰ হাজো-শুৱালকুছি সমষ্টিত ভোট দিব লাগিব৷ আগতে জালুকবাৰী সমষ্টিৰ এগৰাকী বিধায়ক আছিল ৷ এতিয়া তিনিগৰাকী বিধায়ক হ’ব ৷ তিনিওগৰাকী বিধায়কে সমষ্টিৰ উন্নয়নৰ বাবে কাম কৰিব৷ তেওঁ কয় যে অসম প্ৰাকৃতিক সম্পদৰে পৰিপূৰ্ণ আৰু অসমৰ ৰাইজ বহুত আগবঢ়া৷ অসমে শৰাইঘাটৰ যুদ্ধ জয় কৰাৰ লগতে লাচিত বৰফুকন, চিলাৰায়, মূলা গাভৰু, জয়মতী, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, ড॰ ভূপেন হাজৰিকাৰ দৰে সম্পদৰ জন্ম দিছে৷ গতিকে অসম সদায় এক অনন্য৷ কংগ্ৰেছ দিনত চৰকাৰী আঁচনিত আছিল ধুতী, কম্বল, লুঙী, সূতা, আঁঠুৱা আদি ৷

কিন্তু বিজেপি চৰকাৰে ৰাইজৰ কামত অহা অৰুণোদয়, নিযুত মাইনা আদি আঁচনি দিছে৷ ২০০১ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈ অসমত তিনিখন মেডিকেলৰ পৰা যোৰহাট, বৰপেটা, তেজপুৰ লৈ ছয়খন মেডিকেল হ’ল ৷ শিক্ষামন্ত্ৰী হৈ প্ৰথমবাৰৰ বাবে অসমত টে’টৰ দৰে পৰীক্ষা অনুষ্ঠিত কৰি নিকা নিযুক্তিৰে জনসাধাৰণৰ মনলৈ এক আশাৰ বাৰ্তা কঢ়িয়াই অনা হ’ল৷ ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ল নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ধলা শদিয়া আৰু বগীবিলৰ দলং উদ্বোধন কৰিলে৷ তেওঁ অসমৰ বিদ্ৰোহী সংগঠনসমূহৰ লগত কথা-বতৰা পাতি অসম আৰু বড়োলেণ্ডলৈ এক শান্তিৰ বতৰা অনাৰ সময়তে অসমত ‘কা’ আন্দোলনক লৈ পুনৰ এক অশান্তিৰ সৃষ্টি হ’ল৷ এটা ভুৱা আন্দোলনত অসমৰ জনগণ ৰাজপথলৈ ওলাই এক অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিলে৷ তাৰ পিছতে ক’ভিড মহামাৰীয়ে ৰাজ্যখনত আগুৰি ধৰিলে৷ যিমান পাৰি সৰ্বশক্তি প্ৰদান কৰি ক’ভিড ৰোধ কৰা হ’ল৷ অন্য ৰাজ্যৰ তুলনাত অসমত ক’ভিডত মৃত্যুৰ সংখ্যা কম বুলি উল্লেখ কৰি ক’ভিডৰ সময়ত অসমৰ ৰাইজক পাৰ্যমানে ঔষধ আদিৰে সহায় কৰা হৈছে বুলি দোহাৰে৷ বিগত চাৰি বছৰত ডেৰ লাখ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰিত মকলৰ কৰা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে, পূৰ্বৰ তিনিখন মেডিকেল কলেজৰ পৰিৱৰ্তে এতিয়া ১৪খন মেডিকেল কলেজ হ’ল আৰু প্ৰতি জিলাতে একোখনকৈ মেডিকেল কলেজ হ’ব বুলি কয় ৷ তাৰ সমান্তৰালকৈ অসমৰ প্ৰতিখন জিলাত একোখনকৈ ইঞ্জিনিয়াৰং কলেজ নিৰ্মাণ হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ব্ৰহ্মপুত্ৰক সংযোগ কৰি প্ৰতিখন জিলাত একোখনকৈ দলং নিৰ্মাণ কৰা হ’ব৷ আজি স্কুলসমূহে নতুন প্ৰাণ পাইছে আৰু ঠিক তেনেদৰে অংগনৱাড়ী কেন্দ্ৰসমূহেও নতুন ৰূপ পাইছে৷ মডেল অংগনৱাড়ী কেন্দ্ৰলৈ ৰূপান্তৰ হৈছে ৷

অসমীয়া ভাষাই ধ্ৰপদী ভাষাৰ সন্মান লাভ কৰাৰ লগতে অসমৰ বিহুই বিশ্ব ৰেকৰ্ড গঢ়াৰ লগতে ঝুমুৰে ৰা¦†˜ীয় ৰেকৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰাৰ লগতে লাচিত বৰফুকনৰ ৪০০বছৰীয়া জয়ন্তীয়ে লাচিত বৰফুকনক বিশ্বত প্ৰতিষ্ঠা কৰিলে৷ আলাবৈ ৰণেও এক মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে৷ অসমত ছেমিকণ্ডাক্টৰকে ধৰি অসমত আগন্তুক দিনত পাঁচ লাখ কোটি টকাৰ বিনিময় হ’ব বুলি দোহাৰে৷ বৰাক নদীত ছয়খন দলং নিৰ্মাণৰ কাম কৰাৰ লগতে শিলচৰ আৰু শ্বিলঙৰ মাজত বাইশ হাজাৰ কোটি টকাৰে এটা পথ নিৰ্মাণ হ’ব৷ জালুকবাৰী এটা সমষ্টি য’ত এটা সমষ্টিত ব্ৰহ্মপুত্ৰৰ ওপৰত দুখন দলং৷ দেশত এনে সমষ্টি এটাও নাই বুলি উল্লেখ কৰি তেওঁ কয় যে, আজি অসমৰ বাহিৰৰ ৰাজ্যসমূহৰ ৰিক্সাচালক বা টেক্সিচালকে অসমৰ বিষয়ে জানিব বিচাৰে, অসমৰ মানুহৰ লগত কথা পাতিব বিচাৰে৷ জালুকবাৰী মোৰ ঘৰ, শুৱালকুছি মোৰ ঘৰ বুলি উল্লেখ কৰি মই বিধায়ক থকা-নথকাৰ কোনো কথা নাই৷ মই সদায় শুৱালকুছিবাসীৰ লগত আছো আৰু থাকিম বুলি এক আৱেগিক বক্তব্য ৰাখে৷ তেওঁ পেহেলগামৰ নৰসংহাৰৰ ঘটনাত গভীৰ দুখ প্ৰকাশ কৰি কয় য়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত জড়িত এজনকো কোনোপধ্যে সাৰি যাব নিদিয়ে বুলি কোৱা কথাৰ উল্লেখ কৰি তেওঁ কয় যে অসমৰ নিমখ খাই পাকিস্তানৰ গুণ গোৱাসকলৰ ঠেং ছিঙি দিয়া হ’ব বুলি সকীয়াই দিয়ে৷

অসমৰ যিসকলে পাকিস্তানৰ সপক্ষে ফেচবুক পোষ্ট বা ছ’চিয়েল মিডিয়াত নিজৰ বক্তব্য দি আছে তেওঁলোককো তেওঁ সাৱধান কৰি দি কয় যে ইয়াৰ পৰিত্ৰাণ ভোগ কৰাটো নিশ্চিত৷ তেওঁ বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক দেশ-ৰাজ্যৰ প্ৰগতিৰ বাবে বিপুল ভোটত জয়ী কৰাবলৈ আহ৩ান জনায় ৷ সভাত বিধায়িকা সুমন হৰিপ্ৰিয়া, ভাৰতীয় যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস, উত্তৰ কামৰূপ জিলাৰ বিজেপিৰ সভাপতি ভাস্কৰ কলিতা, পঞ্চায়ত নিৰ্বাচনী সমিতিৰ সভাপতি ক্ৰমে চাইদুল ইছলাম, ভূপেন কলিতা, কংকন কলিতা, যশপাল কলিতা, ভৱেশ কলিতা, অগপৰ ৰজনী দাস, শুৱালকুছি জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী ধীৰাজ মহন্ত উপস্থিত থাকে৷ সভাৰ আৰম্ভণিতে শিল্পী কল্লোল বৰঠাকুৰে গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে ৷ অনুষ্ঠানৰ আঁত ধৰে ৰূপক বৈশ্যই ৷ ইয়াৰ পিছতে দ্বিতীয়খন সভা দদৰা, শিঙিমাৰী, পছৰীয়া, লাচিত গড় পঞ্চায়তৰ সভাত তেওঁ শিঙিমাৰীতো এখন নিৰ্বাচনী সভাত ভাগ লৈ চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি বিজেপি দলৰ প্ৰাৰ্থীসকলক ভোট দিয়াৰ আহ৩ান জনোৱাৰ লগতে এবছৰ পিছত হ’ব লগা বিধানসভা নিৰ্বাচনলৈ প্ৰস্তুত হ’বলৈ আহ৩ান জনায়৷ তেওঁ আগন্তুক পঞ্চায়ত নিৰ্বাচনত আটাইবোৰ পদত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাৰ কথা উল্লেখ কৰি এটা আলুৰ বস্তাত এটা পচা আলু থাকিলে গোটেইখিনি নষ্ট হোৱাৰ দৰে এটাও কংগ্ৰেছ জিকিবলৈ নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ কয়৷ সভাত পছৰীয়াৰ নিৰ্বাচনী সমিতিৰ সভাপতি মিনাৰাম ভৰালী, দদৰাৰ বলেন ৰাজবংশী, শিঙিমাৰীৰ আঞ্চলিক চৌধুৰী, কুশল দাস আদি লোক উপস্থিত থাকে৷

Related Articles