গুৱাহাটী, ১২ মে’:himanta biswa sarma ।
উত্তৰ-পূব ভাৰতৰ গেটৱে হিচাপে পৰিগণিত গুৱাহাটীত আতিথ্য ক্ষেত্ৰত এক ডাঙৰ পৰিৱর্তন ঘটিবলৈ লৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ে আজি ঘোষণা কৰে যে, আগন্তুক সময়চোৱাত গুৱাহাটীত ১১ খন পঞ্চ তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰা হ’ব।

এই প্ৰকল্পসমূহৰ অংশ হিচাপে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে মেৰিয়ট ইণ্টাৰনেশ্যনেলৰ দুখন হোটেলৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ জনায় যে, এই দুয়োখন হোটেল গুৱাহাটী বিমানবন্দৰৰ কাষত প্ৰায় ২৫ একৰ (৭৬ বিঘা) মাটিত নিৰ্মাণ কৰা হ’ব।
মুখ্যমন্ত্ৰীয়ে কয়, “এডভাণ্টেজ অসম ২.০“ৰ সময়ত স্বাক্ষৰিত ৫০০ কোটি টকাৰ এই বুজাবুজি চুক্তিৰ ৩ মাহৰ ভিতৰতেই প্ৰকল্পৰ কাম আৰম্ভ হৈছে, যি নতুন অসমৰ কৰ্ম সংস্কৃতিৰ এক প্ৰতিফলন।
তেওঁ লগতে উল্লেখ কৰে যে, জোনালী কনষ্ট্ৰাকচনছ প্ৰাইভেট লিমিটেডে মেৰিয়টৰ দুখন হোটেল গুৱাহাটীত নিৰ্মাণৰ বাবে চৰকাৰৰ সৈতে বুজাবুজি কৰিছিল। চৰকাৰৰ সহযোগত প্রকল্পটো এতিয়া চূড়ান্ত ৰূপ লৈছে আৰু আনুষ্ঠানিকভাৱে কাম আৰম্ভ হৈছে।
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে এক্স হেণ্ডেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত কয়, “গুৱাহাটীলৈ আহি আছে ১১ খন পঞ্চ তাৰকাযুক্ত হোটেল। ইয়াৰ ভিতৰত থাকিব চাৰিখন মেৰিয়ট, দুখন তাজ, আৰু এখন লেমন ট্ৰি হোটেল। এই সকলো প্ৰকল্পই অসমৰ আতিথ্য আৰু পৰ্যটন আন্তঃগাঁথনি অধিক শক্তিশালী কৰি তুলিব।”
মুখ্যমন্ত্ৰীৰ মতে, এই উদ্যোগসমূহে কেৱল পৰ্যটকসকলক সুবিধা প্ৰদান নহয়, গুৱাহাটী চহৰখনক বিশ্ব মানদণ্ডৰ এক আধুনিক মহানগৰ হিচাপে গঢ়ি তোলাতো সহায় কৰিব।