ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাত আৰু ৰিনিকি ভূঞাৰ প্ৰযোজনান, আহি আছে ‘ককা দেউতা নাতি আৰু হাতী-২’ । himanta biswa sarma and riniki bhuyan sarma

himanta biswa sarma and riniki bhuyan sarma । ১৯৮৩ চনত মুক্তি লাভ কৰা জনপ্ৰিয় অসমীয়া ছবি ‘ককা দেউতা নাতি আৰু হাতী’ৰ স্মৃতিয়ে আজিও বহু প্ৰজন্মৰ মনত এক গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছে। এই স্মৃতিক পুনৰ সজীৱ কৰি তুলিবলৈ শীঘ্ৰেই আহি আছে বহুল প্রতীক্ষিত বিগ বাজেটৰ ছবি ‘ককা দেউতা নাতি আৰু হাতী-২’

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাৰ অন্তৰ্গত আৰু প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত এই ছবিখন বিশ্বজিৎ বৰাৰ পৰিচালনাত বাস্তৱায়িত হৈছে।

বৰ্তমান ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম কলিয়াবৰৰ লাঙী গাঁও, নিজ চিলাবন্ধা, শান্তিপুৰ, বাঘৰচুক আৰু বালিবাট অঞ্চলত সম্পন্ন হৈ আছে। বিশেষকৈ কলিয়াবৰত কিছু গুৰুত্বপূৰ্ণ দৃশ্যৰ দৃশ্যগ্ৰহণ অনুষ্ঠিত হৈছে, য’ত বিশিষ্ট অভিনেতাসকল প্ৰাঞ্জল শইকীয়া, তপন দাস আৰু যতীন বৰা অংশ লৈছে।

ছবিখনত দৃশ্যগ্ৰহণৰ কামত কমেও ২০০ লোক ব্যস্ত হৈ আছে, আৰু দক্ষিণ ভাৰতৰ এটা ফাইট কম্প’জাৰ দলও এই প্ৰকল্পত জড়িত হৈছে, যাৰ জৰিয়তে ছবিখনলৈ অধিক পেচাদাৰী দৃষ্টিকোণ আগবঢ়োৱা হৈছে।

চলিত বৰ্ষৰ দুৰ্গা পূজাৰ সময়ছোৱাৰ পৰা ছবিখন ৰিলিজ হোৱাৰ সম্ভাৱনা আছে।
নৱ্বইৰ দশকত আলোড়ন সৃষ্টি কৰা প্ৰথম সংস্কৰণৰ দৰে এই দ্বিতীয় খনো ছবিয়ে অসমীয়া ছবিপ্ৰেমী দৰ্শকৰ মাজত গভীৰ উৎসাহ আৰু আশাবাদ সৃষ্টি কৰিছে।

ভাষ্য:
যতীন বৰা — “এই ছবিখনৰ লগত জড়িত হ’ব পৰা মোৰ বাবে গৌৰৱৰ বিষয়। এইটো কেৱল এটি ছবি নহয়, এটা সময়ৰ স্মৃতি।”
বিশ্বজিৎ বৰা (পৰিচালক) — “এই ছবিখন কোনো ৰিমেক নহয়; এইটো এখন নতুন গল্প যি অতীতৰ অনুভৱ আৰু আধুনিক সময়ৰ প্ৰেক্ষাপট একেলগে বোৱাই নিয়াৰ চেষ্টা।”

Related Articles