মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সাংবাদিকক কৰা দুৰ্ব্যৱহাৰক লৈ বিভিন্ন স্থানত প্ৰতিবাদ। (Himanta Biswa Sarma) সামাজিক মাধ্যমতো বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁৰ মুখৰ ভাষা ব্যৱহাৰক লৈ।
এই বিষয়তো সন্দৰ্ভতো আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়াই ব্যক্ত কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সাংবাদিকক যদি জয়ন্ত মল্ল বৰুৱাই বেয়াকৈ কৈছে , তেন্তে তেওঁ ক্ষমা খোজা উচিত। ময়ে কৈ দিম তেওঁক, আপোনালোকক বেয়াকৈ কোৱাৰ তেওঁৰ অধিকাৰ নাই , ময়ো ক্ষমা খুজিছোঁ তেওঁৰ হৈ।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় আপোনালোকক বেয়াকৈ কোৱা তেওঁৰ কোনো অধিকাৰ নাই, কাৰণ আপোনালোকে দায়িত্বহে পালন কৰিছে।
আকি মন্ত্ৰীগৰাকীৰ হৈ ক্ষমাও বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, ‘‘সৰু মানুহ বুলি যদি কৈছে, বহুত ডাঙৰ ভুল কথা কৈছে। কোনো মানুহ সৰু হ’ব নোৱাৰে।’’