উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত ফুলুং ডেকাবাৰীৰ(Himanta Biswa Sarma)২০ বিঘা ভূমিত নিৰ্মাণৰত অসম ক্ৰিকেট সন্থাৰ অত্যাধুনিক ‘ক্ৰিকেট একাডেমী’ বৰ্তমান সম্পূৰ্ণ হোৱাৰ পথত৷ এই একাডেমীখন ১৫ আগষ্টৰ ভিতৰত আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ একাডেমীখনৰ নিৰ্মাণ পৰিদৰ্শন কৰি এই কথা উত্তৰ গুৱাহাটীত সদৰী কৰিলে বিচিচিআইৰ সচিব দেৱজিৎ লন শইকিয়াই৷ বৰ্তমান পূৰ্ণগতিত নিৰ্মাণৰ কাম চলি থকা এই একাডেমীত ল’ৰা-ছোৱালীৰ বাবে দুটা উন্নত মানৰ আৱাস গৃহৰ কাম চলি আছে৷
এই আৱাসগৃহসমূহো অনাগত ১০ দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব৷ প্ৰতিটো আৱাসগৃহত ৬০জনকৈ ল’ৰা-ছোৱালী খেলুৱৈ থকাৰ সুবিধা থাকিব৷ এই একাডেমীত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ ইনড’ৰ হল নিৰ্মাণ কৰা হৈছে আৰু এই ইনড’ৰ হলত ১০খনকৈ উইকেট থাকিব বুলি বিবিচিআইৰ সচিবগৰাকীয়ে জানিবলৈ দিছে৷ আন এক বাৰ্তালাপত সচিব শইকিয়াই প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমান ইংলেণ্ড ভ্ৰমণলৈ যাব লগা ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক উচ্ছ প্ৰশংসা কৰে৷ শইকীয়াই ভাৰতীয় দলত স্থান লাভ কৰা অসমৰ ৰিয়ান পৰাগক লৈ বহুত আশাবাদী বুলি উল্লেখ কৰে৷
বিগত আইপিএলত এটা অভাৰত ছয়টা ছিক্সেৰে ৰিয়ান পৰাগে নিজৰ খেলুৱৈ সুলভ দাঙি ধৰিবলৈ সক্ষম হোৱাৰ লগতে অনাগত দিনটো খেলুৱৈগৰাকীয়ে এই ধাৰা অটুট ৰাখিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে৷ আই পি এলত ভাৰতীয় দলৰ সূৰ্যবংশীৰ ধাৰাবাহিক চমক প্ৰদৰ্শনে ভাৰতীয় ক্ৰিকেট দলৰ বাবে আন এক শুভ সংবাদ বুলি অভিহিত কৰে সচিব দেৱজিৎ লন শইকীয়াই৷