২০২৬ চনৰ(Himanta Biswa Sarma) অসম বিধানসভা নিৰ্বাচনত বিজেপিয়ে নিজৰ দলৰ নামত নহয়, এনডিএৰ নামতেই প্ৰতিদ্বন্দ্বিতা কৰিব।আজি এই কথা স্পষ্টকৈ জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। তেওঁ কয় যে নিৰ্বাচনক লৈ মিত্ৰ দলসমূহৰ সৈতে আলোচনা চলি থাকিলেও ১৫ ফেব্ৰুৱাৰীৰ আগতে আসনকলৈ আলোচনা বা মিত্ৰতাৰ বিষয়ে কোনো চূড়ান্ত ঘোষণা নহ’ব। এই সন্দৰ্ভত শেষ সিদ্ধান্ত ল’ব বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহয়ে ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। গুৱাহাটীত অনুষ্ঠিত হৈ থকা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকৰ মাজতেই মুখ্যমন্ত্ৰীয়ে কয় যে আগন্তুক নিৰ্বাচনত বিজেপি এককভাৱে নহয়, এনডিএৰ অংশ হিচাপেই ভোটত নামিব। তেওঁৰ কয়, নিৰ্বাচন বিজেপিৰ নহয়, এনডিএৰ নামতেই খেলিব।
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে মিত্ৰতাৰ আলোচনা ৰাজ্যিক পৰ্যায়ত নহয়, ৰাষ্ট্ৰীয় নেতৃত্বৰ মাজতেই চলিব। অমিত শ্বাহ শীঘ্ৰেই অসমলৈ আহিব আৰু সেই সময়তেই এনডিএৰ মিত্ৰ দলসমূহৰ সৈতে আলোচনা আগবাঢ়িব। তথাপিও ফেব্ৰুৱাৰীৰ মাজভাগৰ আগলৈ এই বিষয়ে কোনো আনুষ্ঠানিক সিদ্ধান্ত হোৱাৰ সম্ভাৱনা নাই। ইপিনে, বিটিআৰ অঞ্চলক লৈ বিজেপিয়ে আগন্তুক নিৰ্বাচনত নতুন পথ বিচাৰিবলগীয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বিটিআৰৰ ১৫ খন আসন গুৰুত্বপূৰ্ণ হৈ পৰিছে। বৰ্তমান বিজেপিৰ সৈতে মিত্ৰতা থকা ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল আৰু বোৰোলেণ্ড পিপলছ ফ্ৰণ্টক একেলগে ৰাখিব পৰাটো সহজ নহয়। সেই কাৰণেই বিটিআৰত নতুন সমাধান বিচৰা হৈছে। অৱশ্যে এই দুয়োটা দলেই কংগ্ৰেছৰ ফালে নাযাব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে।
মিত্ৰ দল অসম গণ পৰিষদৰ সৈতে আসন বুজাবুজিৰ ক্ষেত্ৰত ২০২১ চনৰ বিধানসভা নিৰ্বাচনকেই মূল আধাৰ হিচাপে ধৰা হ’ব। মুখ্যমন্ত্ৰীৰ মতে, য’ত ইতিমধ্যে বিজেপিৰ বিধায়ক আছে, তাত সাধাৰণতে আসন এৰি দিয়া নহয়। যদিও কিছুমান ক্ষেত্ৰত এক-দুখন আসনত বুজাবুজিৰ পৰিৱৰ্তন হ’ব পাৰে, তথাপিও মূল ভিত্তি একেই থাকিব।
জিলা অনুসৰি আসনৰ বাস্তৱতা উল্লেখ কৰি তেওঁ কয় যে বাক্সা, চিৰাং বা তামোলপুৰৰ দৰে ঠাইত অগপ ক’ৰ পৰা আসন পাব, সেয়া ভাবিবলগীয়া বিষয়। সেয়ে ২০২৬ চনৰ নিৰ্বাচনত অগপৰ আসন সংখ্যা ডাঙৰ হোৱাৰ সম্ভাৱনা কম।

