Himanta Biswa Sarma: কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰব মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাঃ গৌৰৱ গগৈক মই হিৰো সজাব নালাগে, মুখ্যমন্ত্ৰীৰ পুত্ৰ তেওঁ এনেই হিৰো

কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰব হৈ (Himanta Biswa Sarma) পৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক দলীয় কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় ‘‘আমি বিহু সময়ত পাতিম । ১০ হাজাৰ নাচনী একেলগে নচুৱাম । কংগ্ৰেছৰ দৰে বিহু নাপাতো ।’’সাংসদ গৌৰৱ গগৈৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘গৌৰৱে কোৱাৰ দৰে গৌৰৱক মই হিৰো সজাব নালাগে । চি এমৰ পুত্ৰ এনেই হিৰো ৷ কিন্তু আজি মোৰ পৰিয়ালে গৌৰৱৰ দৰে একেখিনি কাম কৰিলে আপোনালোকে এৰিলে হৈ নে?’’


মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘কংগ্ৰেছৰ বহু লোক সন্দেহযুক্ত নাগৰিক । ৭০% সন্দেহযুক্ত লোক আছে কংগ্ৰেছত । মোৰ দিনত এন আৰ চি হ’লে বাপ-বাপ দেখাই দিলোহেঁতেন । কালি অনুষ্ঠিত হোৱা কংগ্ৰেছৰ মিটিঙতো বেছিভাগ সন্দেহজনক লোকেই উপস্থিত আছিল । চি এমে মাৰ দুধদানি খাই জন্ম লোৱা নাই । মাৰ অৰিজিনেল গাখীৰ খাই জন্ম লৈছো ৷’’এছ আই টিৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘বি টি চি নিৰ্বাচনৰ পিছত কেবিনেটত আলোচনাৰ পিছত সাধাৰণ লোকৰ মাজত ৰাজহুৱা কৰা হ’ব সকলো তথ্য । সকলো ইতিমধ্যেই স্পষ্ট হৈছে । সাংসদৰ পত্নীৰ ভূমিকা আছে । এছ আই টিৰ তথ্যৰ আধাৰত আমি ব্যৱস্থা ল’ম । আমি নাটক কৰিব বিচৰা নাই । গাম্ভীৰ্যতাৰে কাম কৰিব চৰকাৰে । ৯৬ টা পেজ এনেই নাথাকে । তাত কিবাটো থাকিব লাগিব । তদন্তৰ বাবে কাক মাতিব লাগে, কাক নালাগে সেয়া কংগ্ৰেছে এছ আই টিক শিকাব নালাগে ৷’’

সাংসদ গৌৰৱ গগৈয়ে ‘বডি ডাবল’ সন্দৰ্ভত অনা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে কয়, বডি ডাবল ইতিমধ্যেই মই প্ৰমাণ কৰি দিছিলো । নাম-ঠিকনা সকলো সংবাদমেল পাতি জনাইছো । আপোনালোকে সেইটো প্ৰচাৰো কৰিছে । তাৰ পিছত এতিয়া আৰু সেই সন্দৰ্ভত প্ৰশ্ন সোধাৰ কথা নাই ।’’মুখ্যমন্ত্ৰীয়ে লগতে কয়- ‘‘বিজেপিৰ বিপক্ষে ক’তো আন্দোলন হোৱা নাই, জনজাতিকৰণৰ দাবীতহে আন্দোলন হৈছে । এইবোৰ মিছা কথা প্ৰচাৰ নকৰিব । গৌৰৱে কোৱাৰ দৰে গৌৰৱক মই হিৰ’ বনাব নালাগে । চি এমৰ পুতেক এনেই হিৰ’ ৷ কিন্তু আজি মোৰ পৰিয়ালে গৌৰৱৰ দৰে একেখিনি কাম কৰিলে আপোনালোকে এৰিলে হৈ নে ?’’

Related Articles