Himanta Biswa Sarma: ‘কংগ্ৰেছত মোৰ মানুহ আছে’—ৰেজাউল প্ৰসংগত গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

কংগ্ৰেছ দলত নিজৰ মানুহ(Himanta Biswa Sarma)থকা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ মন্তব্য আগবঢ়োৱাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত নতুন বিতৰ্কৰ সূচনা হৈছে। বিৰোধী দলৰ পৰা কোনোবাই যদি তেওঁৰ বাবে কাম কৰে, তেন্তে সেয়া তেওঁৰ বাবে লাভজনক হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলক লক্ষ্য কৰি কটাক্ষ কৰে। সদ্য কংগ্ৰেছত যোগদান কৰি কিছুদিন নৌহওতেই দল ত্যাগ কৰা ৰেজাউল কৰিম চৰকাৰৰ পদত্যাগ প্ৰসংগত এই মন্তব্য কৰা বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে। বুধবাৰে কাৰ্বি আংলং জিলাত অনুষ্ঠিত এখন পুঁজি বিতৰণ অনুষ্ঠানত সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়,“কংগ্ৰেছ দলত মোৰ হৈ কাম কৰা মানুহ আছে। তেওঁলোক অধিক সক্ৰিয় হ’লে তাৰ ফল মোৰ পক্ষতেই যাব। এইটো নতুন কথা নহয়।”


উল্লেখযোগ্য যে, চলিত মাহৰ ১৪ তাৰিখে কংগ্ৰেছ ত্যাগ কৰাৰ পূৰ্বে ৰেজাউল কৰিম চৰকাৰে বিধানসভাৰ বিৰোধী দলনেতা দেৱব্ৰত শইকীয়া আৰু নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক বিজেপিৰ এজেণ্ট বুলি অভিযোগ কৰিছিল। এই বক্তব্যই কংগ্ৰেছ দলৰ ভিতৰতেই তীব্ৰ চৰ্চাৰ জন্ম দিছিল। এই প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ ভূমিকাক লৈও প্ৰশ্ন কৰে। হিমন্ত বিশ্ব শৰ্মাৰ মতে, ধুবুৰি আৰু শিৱসাগৰ সন্দৰ্ভত ৰেজাউল কৰিম চৰকাৰৰ বিতৰ্কিত মন্তব্যৰ পাছতে দলীয় অনুশাসন বজাই ৰাখিবলৈ কঠোৰ পদক্ষেপ ল’ব লাগিছিল। তেনে সিদ্ধান্ত নোলোৱাৰ ফলতেই ৰেজাউলে নিজকে ৰাজনৈতিকভাৱে উপস্থাপন কৰাৰ সুযোগ পাইছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।


ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীয়ে একাধিকবাৰ কংগ্ৰেছ দলৰ ভিতৰৰ তথ্য তেওঁৰ ওচৰলৈ আহে বুলি দাবী কৰি আহিছে। তেওঁ দাবী কৰে যে কংগ্ৰেছৰ দলীয় বৈঠক, সিদ্ধান্ত আৰু আগন্তুক কৌশল সম্পৰ্কে তেওঁ নিয়মিতভাৱে অৱগত হয়। ২০২৫ চনৰ জুলাই মাহত গুৱাহাটীত অনুষ্ঠিত কংগ্ৰেছৰ এখন ৰুদ্ধদ্বাৰ বৈঠকৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল যে সেই বৈঠকত ৰাহুল গান্ধীয়ে দলৰ ভৱিষ্যৎ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল। ৰেজাউল কৰিম চৰকাৰৰ পদত্যাগক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত চলি থকা ৰাজনৈতিক সংঘাত মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছত অধিক গতি লাভ কৰিব বুলি ৰাজনৈতিক পৰ্যবেক্ষকসকলে মত প্ৰকাশ কৰিছে। যদিও আগন্তুক দিনত কংগ্ৰেছ দলে এই বিষয়ত কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে, সেয়াই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

Related Articles