Himanta Biswa Sarma: জাপানী ভাষা প্ৰশিক্ষণৰ জৰিয়তে জাপানত নিযুক্তিৰ দুৱাৰ মুকলি হ’ব অসমৰ যুৱ প্ৰজন্মৰ

বুধবাৰে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত (Himanta Biswa Sarma) মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠক৷ এই বৈঠকতে কেইবাটাও গুৰুত্বপূ্‌ৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ অসম কেবিনেটে আইন প্ৰয়োগকাৰী আন্তঃগাঁথনি, বহিঃৰাজ্যত যুৱ কৰ্মসংস্থাপনৰ সুযোগ, নগৰ উন্নয়ন, আৰু ষ্টাৰ্টআপ সংস্কৃতিক উন্নীত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে৷ মৈত্ৰী আঁচনিৰ অধীনত আৰক্ষী থানা উন্নীতকৰণৰ বাবে ১৫০ কোটি টকা অনুমোদন ঃ মিছন ফৰ অভাৰঅল ইম্প্ৰ’ভমেণ্ট অৱ থানাছ ফৰ ৰেচপন্সিভ ইমেজ আঁচনিৰ অধীনত কেবিনেটে ১৫০ কোটি টকা অনুমোদন জনায়৷ প্ৰথম পৰ্যায়ত ৭৩টা থানা সম্পূৰ্ণ হয়৷

দ্বিতীয় পৰ্যায়ত ৪৬টা থানা লোৱা হয়, ইতিমধ্যে ৩১টা আৰু এটা চাইবাৰ থানা সম্পূৰ্ণ কৰা হৈছে; বাকী থকা কামবোৰ চলি আছে৷ উল্লেখযোগ্য যে এতিয়ালৈকে অসম আৰক্ষীৰ বাবে ১৫০০ কোটি টকাৰ আন্তঃগাঁথনি বিকশিত কৰা হৈছে – এক অভিলেখ বিনিয়োগ৷ ২. উন্নত প্ৰশাসনৰ বাবে নতুন সহ-জিলা আৰু আৰক্ষী পদ ঃ মন্ত্ৰীসভাই ১০টা আৰক্ষী পদক সহ-জিলা আৰক্ষী অধীক্ষক [চিডিএছপি]ৰ ভূমিকালৈ উন্নীতকৰণৰ অনুমোদন জনাইছে যাতে ১০খন নতুনকৈ গঠন কৰা সহ-জিলাত প্ৰশাসনক সুশৃংখলিত কৰিব পৰা যায়৷ মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি অহা ১২ আগষ্টৰ পৰা ৰাজ্যত নতুন ১০টা সম-জিলাৰ কাম আৰম্ভ কৰাৰ কথা অৱগত কৰে৷ তদুপৰি অসম পুলিচৰ বাবে অসম জিলা আৰক্ষী অধীক্ষকৰ ১০টা পদ সৃষ্টিতো অনুমোদন জনোৱাৰ কথা তেওঁ সংবাদমেলযোগে জানিবলৈ দিয়ে৷ আনহাতে এই ১০খন জিলাত কোন কোন মন্ত্ৰী যাব তাক নিৰ্ধাৰণ কৰে আজিৰ কেবিনেটে৷ উল্লেখযোগ্য যে বকো-ছয়গাঁও সম জিলা উদ্বোধন কৰিব মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই৷ একেদৰে পলাশবাৰী সম-জিলা উদ্বোধন কৰিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ ৰঙাপাৰা সম-জিলা উদ্বোধন কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই৷ইফালে বৰচলা সম-জিলা উদ্বোধন কৰিব মন্ত্ৰী অশোক সিংহালে, মৰিয়নী সম-জিলা উদ্বোধন কৰিব মন্ত্ৰী অজন্তা নেওগে, টীয়ক সম-জিলা মন্ত্ৰী অতুল বৰাই, মাকুম সম-জিলা মন্ত্ৰী বিমল বড়াই, ডিগবৈ সম-জিলা মন্ত্ৰী ৰূপেশ গোৱালাই উদ্বোধন কৰিব বুলি সংবামেলত উল্লেখ কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷

ধলাই সম- জিলা মন্ত্ৰী কৃষ্ণেন্দু পাল, দুধনৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উদ্বোধন কৰিব বুলি জনায়৷ আজিৰ এই কেবিনেটত লোৱা অন্যমত সিদ্ধান্ত হৈছে– শিক্ষা খণ্ডৰ বাবে বিশ্ব বেংকৰ পৰা ২৭৫০ কোটি টকা ঋণ গ্ৰহণৰ সিদ্ধান্ত৷ ইয়াৰে ৯০ণ ধন কেন্দ্ৰই উভতাই দিব, অসমে মাত্ৰ ২৭৫কোটি টকা উভতাই দিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷ তদুপৰি শিক্ষকৰ বিজ্ঞান, গণিতৰ অনুশীলনকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰা হ’ব৷ আনহাতে ৪০০খন বিদ্যালয় পুনৰ নিৰ্মাণৰ বাবে ৩-প্তকোটি টকাকৈ ব্যয় কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে৷ মডেল কলেজত অৱসৰপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়া বিষয়টোৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘মই এইটোত বহুত সমৰ্থন কৰোঁ৷ গতিকে মোক প্ৰেছাৰ দি লাভ নাই৷’ তেওঁ কয়, ‘মই ১০০ শতাংশ সমৰ্থন কৰো৷ এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহ’লে নচলে৷ এই নীতি ১০১ শতাংশ বাহাল থাকিব৷’ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘কোনোবাই যদি অভিজ্ঞতাক অমান্য কৰে, তেন্তে পৃথিৱী নচলিব৷ অভিজ্ঞতা নাথাকিলে অনুষ্ঠান নচলে৷ দেউতা নাথাকিলে ঘৰখন নচলে৷’ জাপানত লাখটকীয়া চাকৰিৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ৷ ডিব্ৰুগড়ত অনুষ্ঠিত অসম কেবিনেটে অনুমোদন জনায় এখন বিশেষ আঁচনিক৷ মাহিলী ২-২.প্ত লাখটকীয়া চাকৰিৰ বাবে আৰম্ভ ‘CMFLIGHT’ আঁচনি৷ জাপানী ভাষা প্ৰশিক্ষণৰ জৰিয়তে জাপানত নিযুক্তিৰ দুৱাৰ মুকলি হ’ব বুলি অসম কেবিনেটে আশা প্ৰকাশ কৰে৷ প্ৰথম পৰ্যায়ত ৩০০০ যুৱক-যুৱতীক দিয়া হ’ব প্ৰশিক্ষণ৷ জাপানৰ তিনিটা কোম্পানীয়ে দিব প্ৰশিক্ষণ৷ একোটা প্ৰশিক্ষণৰ বাবে ব্যয় হয় ৩-৩.প্ত লাখ টকা৷ প্ৰশিক্ষণৰ বাবে ৰ.প্ত লাখ টকাৰ ৰাজসাহায্য দিব ৰাজ্য চৰকাৰে৷ বাকী ৰ.প্ত-২ লাখ টকাৰ ব্যৱস্থা প্ৰশিক্ষাৰ্থীয়ে নিজেই কৰিব লাগিব৷

আই টি খণ্ডত চাকৰিৰ দৰমহা ২.প্ত লাখ টকা৷ সাধাৰণ কম্পিউটাৰ প্ৰশিক্ষাৰ্থীয়েও কৰিব পাৰে আই টিৰ চাকৰি৷ আৰু আছে লাখটকীয়া নাৰ্ছিঙৰ চাকৰিও৷ লগতে তেওঁ কয়– ৰ,৭৩৩টা অংগনৱাড়ী কেন্দ্ৰ ২৫লাখ টকাকৈ ব্যয় কৰি নিৰ্মাণ কৰা হ’ব৷ ইফালে জাপানৰ ৩টা কোম্পানীয়ে জাপানীজ ভাষা শিকাব অসমীয়া শিক্ষাৰ্থীক৷ কোম্পানীকেইটা হৈছে এছিয়ান ওৱান কোম্পানী লিমিটেড, জেছিক ভেঞ্চাৰ লিমিটেড আৰু মাইকো কেৰিয়াৰ পাটনাৰ্ছ লিমিটেড৷ এইসকল শিক্ষাৰ্থীসকলক ডেৰ লাখকৈ টকা চৰকাৰে আগবঢ়াব৷ উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ত ৩হাজাৰ ল’ৰাক এই প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি তেওঁ জনায়৷ আনহাতে বিল্ডাৰৰ অধীনত নথকা ফ্লেটকো এতিয়াৰে পৰা বিধায়কসকলে ধন দিব পাৰিব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মিছন বসুন্ধৰাৰ অধীনত পুনৰ ৫০০টা অনুষ্ঠানক ভূমি আৱণ্টন দিয়াৰ কথাও উল্লেখ কৰে সংবাদমেলত৷ মুখ্যমন্ত্ৰীয়ে কয়, ‘তিনিটা জাপানী কোম্পানীয়ে দিব জাপানী ভাষাৰ প্ৰশিক্ষণ৷ জাপানে অসমৰ পৰা বিচাৰিছে ২৫,০০০১ অধিক যুৱক-যুৱতী৷ এডভাণ্টেজ আছাম-২.০১ চুক্তিমতে চাকৰি পাব জাপানত৷’ অসমীয়া যুৱক-যুৱতীসকলক বিদেশী ভাষাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে বিশেষকৈ জাপানত বহিঃ দেশত চাকৰি নিযুক্তিৰ সুবিধা প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীৰ বিদেশী ভাষাৰ পদক্ষেপ ফৰ গ্ল’বেল হিউমেন টেলেণ্টক কেবিনেটে অনুমোদন জনায়৷

Related Articles