Himanta Biswa Sarma: আজি মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব নিযুত বাবু, জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনি

আজি মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব নিযুত বাবু আঁচনি।(Himanta Biswa Sarma)

ৰাজ্যৰ ৪৭,৩৯৫ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰলৈ প্রতিমাহে ধন।

স্নাতক-স্নাতকোত্তৰ বৰ্ষত নামভৰ্তি কৰা ছাত্ৰলৈ ধন।

স্নাতক পর্যায়ত প্রতিমাহে দিব ১,০০০ টকাকৈ স্নাতকোত্তৰ পৰ্যায়ত প্রতিমাহে দিয়া হ’ব ২ হাজাৰ টকাকৈ।

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত এই কথা ঘোষণা কৰি কয় যে-

‘সুপ্ৰভাত বাবুসকল,

প্ৰায় কেইবা দিন ধৰি মোৰ ফে’চবুক আৰু এক্স মাধ্যমৰ কমেণ্টত মোৰ ভাগিনসকলে বহুপ্ৰত্যাশিত নিযুত বাবু, জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনিৰ ধন মুকলিৰ তাৰিখটো সুধি আহিছে৷

এতিয়া অপেক্ষাৰ অন্ত পৰিল৷ অলপ পাছতে এই তিনি আঁচনিৰ ধন তোমালোকলৈ মুকলি কৰি দিম৷

মোৰ ভাগিনসকলক দিয়া প্ৰতিশ্ৰুতি মই পূৰণ নকৰাকৈ থাকিব পাৰোঁনে!’

Related Articles