Himanta biswa sarma: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

আজি লোকসেৱা (Himanta biswa sarma) ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল। সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে-

এইবাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম-শতবার্ষিকীত থাকিব বিশেষ কার্যসূচী ।

এহেজাৰ শিল্পীয়ে একেলগে ২৩ মিনিট পৰিৱেশন কৰিব গীত ।

‘অসম আমাৰ ৰূপহী’ শীর্ষক গীতেৰে হ’ব আৰম্ভ শেষ হ’ব ‘WE ARE IN THE SAME BOAT BROTHER’ গীতেৰে ।

নিমন্ত্রণ জনোৱা হ’ব অসমৰ প্ৰতিখন কলেজৰ শ্ৰেষ্ঠ গায়ক-গায়িকাক।

USTMক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য-

USTMক লৈ মুখ্যমন্ত্ৰীয়ে কয় এখন সংৰক্ষিত বনাঞ্চল বেদখল কৰিছে USTM-এ। দুবছৰ পাছত USTM থাকিব নে নাই তাৰ কোনো নিশ্চয়তা নাই। এতিয়া মেঘালয় চৰকাৰেহে জানিব USTM ভাঙে নে নাভাঙে? USTMৰ সঞ্চালকজনৰ কিবা এটা হৈছে, য’তে-ত’তে সোমাই থাকিব বিচাৰে। USTM শিক্ষানুষ্ঠান নহয়, শিক্ষাৰ নামত ব্যৱসায়হে চলাইছে।

আনহাতে কাইলৈৰ পৰা উচ্ছেদিত মাটিত গছপুলি ৰোৱা হ’ব আৰু উচ্ছেদক লৈ উৰাবাতৰি প্ৰকাশ কৰিব নালাগে বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। খিলঞ্জীয়া মানুহক উচ্ছেদ কৰা নহয়। বহু ডাঙৰ ডাঙৰ ব্যৱসায়ীয়ে মাটি ক্রয় কৰি ৰাখিছে আৰু ভৱিষ্যতে সেই মাটি আদানীক বিক্রী কৰি দিব বুলিও উল্লেখ মুখ্যমন্ত্ৰীগৰাকীৰ।

২৯ আগষ্টত অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ। গৃহমন্ত্ৰীয়ে নতুন ৰাজভৱন উন্মোচন কৰিব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নুমলীগড় শোধনাগাৰত বায়’ৰিফাইনেৰী ইথানল দ্বিতীয় সংস্কৰণ উন্মোচন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই কথা সংবাদমেলত জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

১৭ ছেপ্টেম্বৰৰ প্রধানমন্ত্ৰী মোদীৰ জন্মদিনৰ পৰা অৰুণোদয় ৩.০ আৰম্ভ হ’ব। এতিয়াৰে পৰা অৰুণোদয় আঁচনি লাভ কৰা পৰিয়ালে ৰন্ধন গেছ ক্ৰয় কৰিলে ২৫০ টকা ৰেহাই পাব। অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব মুখ্যমন্ত্ৰীৰ পত্ৰ আৰু কিতাপৰ টোপোলা।

আনহাতে ৬ আগষ্টত নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব। প্ৰপত্ৰ পূৰণ কৰাৰ পাছত যোগ্য ছাত্ৰীয়ে অক্টোবৰ মাহৰ পৰা ১০ মাহলৈ এই আঁচনিৰ ধন লাভ কৰিব। পূৰ্বে স্নাতক প্ৰথম বৰ্ষত নিযুত মইনা আঁচনি লাভ কৰা ছাত্ৰীয়ে স্নাতক দ্বিতীয় বৰ্ষত পুনৰ প্ৰপত্ৰ পূৰণ কৰিব লাগিব। ইয়াৰ মাজত যদি কোনো ছাত্ৰীৰ যদি বিবাহ হয়, তেন্তে এই আঁচনি নাপাব। কিন্তু, স্নাতকোত্তৰ শ্ৰেণীত বিবাহ হ’লে পাব। স্নাতক দ্বিতীয় বা তৃতীয় বৰ্ষৰ বিবাহিতা ছাত্ৰীক এই আঁচনিৰ সুবিধা দিয়া নহ’ব।

আনহাতে প্রধানমন্ত্ৰী মোদীৰ জন্মদিনৰ পৰা ৪০ লাখ পৰিয়ালক দিয়া হ’ব ৰামায়ণ, মহাভাৰত। এইকথাও সংবাদমেলত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।










Related Articles