Himanta Biswa Sarma: গৌৰৱ গগৈয়ে ভাষণ পাকিস্তানত ভাইৰেল হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

গৌৰৱ গগৈয়ে সংসদত দিয়া ভাষণ (Himanta Biswa Sarma) পাকিস্তানত ভাইৰেল হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। সামাজিক মাধ্যমত গৌৰৱ গগৈক সমালোচনা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘যোৰহাটৰ আমাৰ সাংসদজনে কালি সংসদত দিয়া ভাষণে সন্দেহাতীতভাৱে প্ৰমাণ কৰি দিলে যে তেওঁ পাকিস্তানৰ হৈয়ে কাম কৰে। তেওঁৰ পাকিস্তানলৈ গোপন ভ্ৰমণ আৰু পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কই বহু কথা স্পষ্ট কৰি তুলিছে। তেওঁৰ পত্নী আৰু দুই সন্তানৰ বিদেশী নাগৰিকত্ব থকা হেতুকে তেওঁ যিকোনো সময়তে ভাৰত এৰি যাব পাৰে। তেওঁৰ এইধৰণৰ কাৰ্যই আমাৰ অসমক বদনামী কৰিলে৷ লগতে ভাৰতবৰ্ষৰ গৌৰৱপূৰ্ণ ঐতিহ্য তথা কোটি কোটি ভাৰতীয়ক তেওঁ বিশ্বাসঘাতকতা কৰিলে৷’


অপাৰেচন সিন্দুৰৰ সন্দৰ্ভত কি কৈছিল সাংসদ গৌৰৱ গগৈয়ে-

Related Articles