দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ(Himanta Biswa Sarma)জৰিয়তে বহুকেইটা গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা গুৰুত্বপূৰ্ণ ঘোষণাকেইটা হ’ল-
ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব BTRৰ নিৰ্বাচন ৷ তাৰ পাছতে অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল স্বায়ত্ত পৰিষদৰ নিৰ্বাচন ৷
১৫ জুনৰ পৰা ADREৰ তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা। শীঘ্ৰে প্ৰকাশ পাব পৰীক্ষাৰ সবিশেষ।
স্নাতক শিক্ষার্থীলৈ জীৱন প্ৰেৰণা আঁচনি। ১ জুনৰ পৰা মুকলি হ’ব আবেদন প্রক্রিয়া। ইয়াৰ বাবে মুকলি কৰা হ’ব প’ৰ্টেল।২৫০০ টকাকৈ “জীৱন প্ৰেৰণা আঁচনি”ৰ ধন।
উচ্চতৰ মাধ্যমিকত ৮০% নম্বৰ পোৱা শিক্ষার্থীয়ে পাব স্কুটাৰ।
‘সম্প্ৰসাৰণ হ’ব নিযুত মইনা আঁচনি’ সকলো ছাত্রীয়ে লাভ কৰিব নিযুত মইনা আঁচনি।