উচ্ছেদিত পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক (Himanta Biswa Sarma) পঢ়োৱাৰ দায়িত্ব ল’ম বুলি কোৱা USTMৰ আচাৰ্য মহবুবুল হকৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। USTMৰ আচাৰ্য মহবুবুল হকলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ল’ৰা ছোৱালীক পাঠদান কৰাত আপত্তি নাই চৰকাৰৰ। চৰকাৰক চেলেঞ্জ কৰি যাতে এই কাম মহবুবুল হকে নকৰে। চৰকাৰক চেলেঞ্জ কৰাৰ আগত ৩ মাহৰ পুৰণি কথা মনত পেলাই লওক বুলি মহবুবুল হকক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।


 
                                    