শেহতীয়াকৈ ৰাজ্যৰ (Himanta Biswa Sarma) গুৱাহাটী মহানগৰীৰ দিশপুৰ আৰক্ষীয়ে বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিবকে ধৰি ৮ জন সদস্যক ধন দাবী আৰু অপহৰণৰ গোচৰত কালি আটক কৰাৰ পিছতেই ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত সেনাৰ শেহতীয়া কাৰ্যকলাপক লৈ গভীৰভাৱে অসন্তুষ্ট বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। শেহতীয়াকৈ বিভিন্ন আপত্তিজনক মন্তব্য কৰা সংগঠনটোৰ এজন শীর্ষ নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আজি এক চৰকাৰী কাৰ্যসূচীত অংশ লৈ সাংবাদিকৰে হোৱা বাৰ্তালাপত বীৰ লাচিত সেনাৰ শেহতীয়া কৰ্ম-কাণ্ডত অসন্তুষ্টি প্ৰকাশ কৰি কয় – অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টী বীৰ লাচিত সেনাই আছে। এই সন্দৰ্ভত আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু ল’ম। বাকী ঠাই বিশেষে যিসমূহ ঘটনা হৈছে সিজি বিষয়েও আৰক্ষী অধীক্ষকক ব্যৱস্থা ল’বলৈ জনোৱা হৈছে। এচাম সন্দেহযুক্ত লোকেও নাম পিছফালে অসম লিখি নামনি অসমত তাণ্ডৱ চলাই আছে। তেনে এটা নাম হ’ল ৰিতুনে ৰিজু অসম, যি আচলতে আহমেদহে। বিশেষকৈ নামনি অসমত অসম নামটো লগাই এতিয়া মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি আছে। গতিকে, এই সংগঠনটোৰ প্ৰতি চৰকাৰ কঠোৰ হৈছে আৰু কঠোৰ হ’ব।
লগতে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এছ আই টিয়ে তদন্ত চলাই আছে আৰু অতি শীঘ্ৰেই তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰি চাৰ্জশ্বীট দিব বুলি জনায় মুখ্যমন্ত্ৰীয়ে। তদন্তকাৰী দলটোৱে তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে জনায়। চাৰিলেনযুক্ত পথ লৈ কলিয়াবৰত চলি থকা বিৰোধৰ বিষয়ে কেশৱ মহন্ত জানিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। প্ৰতিবাদ কৰা ভাল তেওঁলোকে স্থানীয় মন্ত্ৰীৰ লগত কথা পাতিব। এই সংক্ৰান্তত স্থানীয় মন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া কি হ’ব সি ভৱিষ্যত সময়ত লক্ষণীয় হ’ব বুলিও চাৰিলেনযুক্ত পথ দাবী সমিতিৰ মাজত আলোচিত হৈছে। তদুপৰি, ২০২৬ চনত অগপৰে মিত্ৰতা থাকিব, নথকাৰ কাৰণ নাই। কাষত অগপ দলৰ কাৰ্যকৰী সভাপতিৰ লগত লৈ সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত এই মিত্ৰতা অক্ষুণ্ণ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে জনায়।
ইয়াৰ আগতে কলিয়াবৰৰ নাগশঙ্কৰস্থিত ডা: টি. ইও ষ্টেডিয়ামত অনুষ্ঠিত কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ ২২টা গাঁও পঞ্চায়তৰ প্ৰায় তেত্ৰিশ হাজাৰ মহিলাক পুঁজি বিতৰণ অনুষ্ঠানত ভাষণ দি অসমৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ প্ৰতিশ্ৰুতিৰ বিষয়ে পুনৰ অৱগত কৰে মুখ্যমন্ত্ৰীয়ে। ভাষণ প্ৰসঙ্গত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কয় – চাৰি লাখ আত্মসহায়ক গোটৰ চল্লিশ লাখ মহিলাসকলে আত্মনিৰ্ভৰশীল হৈ সমাজ আৰু দেশক অৰ্থনৈতিকভাৱে আগ বঢ়াই নিব পাৰে। যোৰহাটৰ এক সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ তিনি কোটি মহিলাক লাখপতি কৰি তোলা হ’ব বুলি কৰা এক ঘোষণাক প্ৰেৰণা হিচাপে গ্ৰহণ কৰি অসমতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰে। উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ, মহিলাসকলে কি কি কামত পুঁজি ব্যৱহাৰ কৰিব পাৰিব তাৰ বিষয়েও মহিলাসকলক অৱগত কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে, পৰৱৰ্তী সময়ত হিতাধিকাৰীসকলে লাভ কৰা পুঁজিৰ ব্যৱহাৰ সম্পৰ্কে চৰকাৰীভাৱে মূল্যায়ন কৰা হ’ব। যিসকল হিতাধিকাৰীয়ে পুঁজিৰ সদ ব্যৱহাৰ কৰিব তেওঁলোকক পৰৱৰ্তী বৰ্ষত ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।
মুখ্যমন্ত্ৰীয়ে ড° হিমন্ত বিশ্ব শর্মাই মঙ্গলবাৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰ বিধানসভা বিধানসভা সমষ্টিৰ সৰ্বমুঠ প্ৰায় তেত্ৰিশ হাজাৰ গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যৰ মহিলাসকলক আর্থিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান গ্রহণ কৰা হৈছে। উল্লেখযোগ্য যে, কলিয়াবৰ সমষ্টিৰ হিতাধিকাৰীসকলক আজি এই সভাতেই ১০ হাজাৰ টকাকৈ চেক প্ৰদানৰ ব্যৱস্থা কৰা হয়। সভাত অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই কয় – অসম চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ শক্তিশালী পদক্ষেপৰ বাবে অসমত যোৱা সময়ছোৱাত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। কলিয়াবৰতো পূৰ্বে কোনো কালে নোহোৱা পৰিৱৰ্তন কলিয়াবৰৰ ঘৰে-ঘৰে দেখা পোৱা গৈছে। এতিয়া কলিয়াবৰত ঘৰে-ঘৰে হিমন্ত বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।

