Himanta Biswa Sarma: ১০ ছেপ্টেম্বৰলৈ অপেক্ষা কৰক, গৌৰৱ গগৈক ৰাইজে ভালকৈয়ে ধন্যবাদ জনাব

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ(Himanta Biswa Sarma)নৱ-নিযুক্ত সভাপতি গৌৰৱ গগৈৰ বাক্‌ যুদ্ধ এতিয়াও অব্যাহত আছে৷ মুখ্যমন্ত্ৰী শৰ্মাই গৌৰৱ গগৈয়ে তেওঁক কিয় দিব নালাগে সেই কাৰণো উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ বাবে মাথোঁ ১০ ছেপ্টেম্বৰলৈ অপেক্ষা কৰিব লাগিব বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ক’লে, ‘১০ ছেপ্টেম্বৰৰ পিছত গৌৰৱ গগৈক ধন্যবাদ দিব অসমৰ ৰাইজে৷’ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিষয়ে যি ক’ব লগা আছে অহা ১০ ছেপ্টেম্বৰত ক’ব৷

সোমবাৰে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ গৰলত এক অনুষ্ঠানত সাংবাদিকৰ প্ৰশ্নত উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্ত হোৱাৰ পিছত উজনি আৰু মধ্য অসমত দলীয় সাংগঠনিক কামত তিনি দিন ধৰি ব্যস্ত গৌৰৱ গগৈয়ে দেওবাৰে শিৱসাগৰত মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷ গৌৰৱ গগৈয়ে কটাক্ষ কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই তেওঁক কংগ্ৰেছ হাইকমাণ্ডে সভাপতিৰ গুৰু দায়িত্ব দিলে৷ উল্লেখ্য, গৌৰৱ গগৈয়ে মুখ্যþমন্ত্ৰীক কটাক্ষ কৰি কৈছিল, ‘যোৱা দুই-আঢ়ৈ বছৰে মুখ্যমন্ত্ৰীয়ে মোক কৰা সমালোচনাৰ বাবেই মই সভাপতিৰ দায়িত্ব পালো৷ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি মোক লৈ এই বহুল প্ৰচাৰ নচলালেহেঁতেন তেন্তে দলৰ কেন্দ্ৰীয় নেতৃত্বই মোক ইমান আস্থাত নল’লেহেঁতেন ৷ তেওঁৰ প্ৰচাৰৰ বাবে দলে মোক যোগ্য বিবেচনা কৰি এই গধুৰ দায়িত্ব প্ৰদান কৰিছে ৷

’ মুখ্যমন্ত্ৰী শৰ্মাই সোমবাৰে গৌৰৱ গগৈৰ পৰিয়ালৰ তেওঁৰ বাদে আটাইকেইগৰাকী সদস্যই ব্ৰিটিছ নাগৰিক হোৱা প্ৰসংগত কটাক্ষ কৰি কয়, ‘যিজন মানুহৰ চাৰিজনীয়া পৰিয়ালৰ তিনিজনেই বিদেশী, অসমত আমি বিদেশী বহিষ্কাৰৰ বাবে লাগি আছো, তেনে ক্ষেত্ৰত তেনে ব্যক্তিৰ প্ৰশ্নৰ উত্তৰ দি লাভ নাই, তেওঁ বিদেশীৰ বাবে কাম কৰিব নে স্বদেশীৰ কাৰণে কাম কৰিব?’

Related Articles