পঞ্চায়ত নিৰ্বাচন বাবে ডিগবৈত নাচি নাচি প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তিনিচুকীয়া জিলাৰ ৬ টা বিধান সভা সমষ্টি সামৰি ডিগবৈ টিংৰাই ৰাজহুৱা(Himanta Biswa Sarma) খেলপথাৰত অনুষ্ঠিত প্ৰচাৰ সভাত প্ৰায় আধা ঘণ্টা সময় ভাষণ প্ৰদান কৰে। আগন্তুক পাচ বছৰত অসম দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য পৰিণত হব বুলি দাবী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কংগ্ৰেছক পুনৰ লুঙী ধুতি কম্বলৰ পাৰ্টি বুলি কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বল শৰ্মাই কয়- অসম এতিয়া শান্তি সম্প্ৰীতিৰ বৃদ্ধি পাইছে আৰু প্ৰগতিৰ পথত আগুৱাই গৈছে। অৰুনোদয় আচনিৰ কথা বাৰে বাৰে উল্লেখ কৰি মুখ্যমন্ত্ৰী জনে আগন্তুক দিনত সকলোকে এই আচনিৰ সুবিধা দিয়া হ’ব কয় ।
মহিলা উদ্যমীতা আচনিৰ অধীনত ১০ হাজাৰ টকা দিয়াৰ পাছত এই ধন সৎ ব্যৱহাৰ সকলক পৰ্যায়ৰ ক্ৰমে ২৫ হাজাৰ আৰু ৫০ হাজাৰ টকা প্ৰদান কৰিব বুলি কয় । বহি:ৰাজ্যত কাম কৰিবলৈ যোৱা দুখিয়া যুৱক সকলক উভতাই আনি অসমতে স্বাৱলম্বী হবলৈ চৰকাৰে সহায় কৰিব বুলি কয় । তদুপৰি স্বচ্ছভাৱে নিবনুৱা যুৱক যুৱতী নিযুক্তি দিয়া প্ৰক্ৰিয়া চলি থাকিব বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰৰ সদায় দুখিয়াৰ দুখ কষ্ট আতৰাবলৈ চেষ্টা কৰি আছে বুলি কয় । অহা নবেম্বৰ মাহত বিদ্যুৎ বিল আৰু এক টকা হ্ৰাস কৰা, ৰন্ধন গেছৰ দাম ৭শ টকালৈ হ্ৰাস কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে । ব্ৰহ্মপুত্ৰৰ তলেদি যাতায়াত কৰিবলৈ সুৰংগ নিৰ্মাণ চিন্তা চৰ্চা কৰিছে বুলিও অৱগত কৰে । ৰেচন কাৰ্ড থকা সকলে বিনামূলীয়া চাউলৰ লগতে কম মূল্যত দাইল, চেনি আৰু নিমখ দিয়া ৰো প্ৰতিশ্ৰুতি দিয়ে । মন্ত্ৰী প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক সুৰেন ফুকন, বলীন চেতিয়া, সঞ্জয় কিষান, ভাস্কৰ শৰ্মা ৰ লগতে কেইবাজনো দলটোৰ জেষ্ঠ্য নেতা উপস্থিত থাকে । সভাত তিনিচুকীয়া জিলাৰ খনৰ বিজেপিৰ জিলা পৰিষদৰ প্ৰাৰ্থী সকলক মুখ্যমন্ত্ৰীজনে চিনাকী কৰি দিয়ে।