হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰ’ড শ্ব’

সোণাৰি সমষ্টিৰ বিজেপি আৰু ইয়াৰ মিত্ৰ দল সমূহৰ প্ৰক্ষেপিত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে সোণাৰি লৈ আহে মন্ত্ৰী তথা নেতাৰ আহ্বায়ক ডাঃ হিমন্ত বিশ্ব শৰ্মা । দিনৰ প্ৰায় ১ বজাত সোণাৰি ৰাজহুৱা খেলপথাৰত হেলিকপ্টাৰ যোগে আহি উপস্থিত হোৱাৰ পিছত মন্ত্ৰী গৰাকীয়ে এক বিশাল ৰ’ড শ্ব’ত অংশগ্ৰহণ কৰে । এখন বিলাসী বাহনত উঠি বিজেপি দলৰ ষ্টাৰ কেম্পেইনাৰ গৰাকীয়ে সোণাৰি নগৰৰ মূল পথ ধোদৰ আলিয়েদি উলিওৱা এক বিশাল ৰ’ড শ্ব’ত ভাগ লয় । যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, বিধায়িকা নৱনিতা সন্দিকৈ, বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ সৈতে নগৰ খনৰ মাজেদি প্ৰায় ১ কিলোমিটাৰ ৰ’ড শ্ব’ত  ভাগ লৈ মহাপ্ৰতাপী মন্ত্ৰী গৰাকীয়ে স্থানীয় ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈ তাত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভাষণ দিয়ে । সভাত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ উপৰিও সাংসদ তপন কুমাৰ গগৈয়ে ভাষণ দিয়ে ।

Related Articles