সাজু হৈছে ৰামৰ জন্মস্থান। ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব। প্ৰস্তুতিৰ প্ৰায় অন্ত পৰিছে। দেশৰ লগতে বিদেশৰ বিখ্যাত ব্যক্তিলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে। ৰাম মন্দিৰৰ মুকলি সভাক লৈ উৎসাহ ভাৰতৰ লগতে বিদেশতো বিয়পি পৰিছে। মৰিচাছ প্ৰশাসনে মন্দিৰ উদ্বোধন উপলক্ষে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দকুমাৰ যুগনৌথে শুকুৰবাৰে ঘোষণা কৰে যে সকলো হিন্দু কৰ্মচাৰীক দুঘণ্টাৰ বিশেষ বিৰতি দিয়া হ’ব।
২০১১ চনৰ লোকপিয়ল অনুসৰি মৰিচাছৰ ৪৮.৫ শতাংশ জনসংখ্যা হিন্দু সম্প্ৰদায়ৰ। মৰিচাছ প্ৰশাসনে জনোৱা মতে, ২২ জানুৱাৰীত ৰাম মন্দিৰ উপলক্ষে সকলো হিন্দু কৰ্মচাৰীক কামৰ পৰা দুঘণ্টাৰ বিৰতি দিয়া হ’ব। এই বিৰতি দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব। মৰিচাছ প্ৰশাসনে কয় যে হিন্দু শ্ৰমিকসকলে যাতে প্ৰাৰ্থনা কৰিব পাৰে তাৰ বাবে দুঘণ্টাৰ বিৰতি দিয়া হ’ব।

২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন। সেইদিনা ‘ৰামলালা’ৰ মূৰ্তিত ‘প্ৰাণপ্ৰতিষ্ঠা’পৰিবেশন কৰা হ’ব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিশেষ অতিথিও উপস্থিত থাকিব। অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে ১১ দিনৰ বাবে ‘ব্ৰতপালন’ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে।

শুকুৰবাৰে নিজৰ ইউটিউব চেনেলত ‘অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণপ্ৰতিষ্ঠা’ শীৰ্ষক এক বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ পৰা ১১ দিনলৈ ‘বিশেষ নিয়ম’ পালন কৰিবলৈ আৰম্ভ কৰিছে। শাস্ত্ৰত উল্লেখ কৰা নিয়ম অনুসৰি আৰু সন্তসকলৰ উপদেশ পালন কৰি এই ১১ দিন ধৰি কঠোৰ অনুশাসন পালন কৰিব বুলিও তেওঁ অৱগত কৰে।

